ETV Bharat / state

অসমৰ মাটি ৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ - অসম মিজোৰাম সীমান্ত বিবাদ

জাতি-মাটি-ভেঁটিৰ কথা কোৱা সৰ্বানন্দৰ চৰকাৰে অসমৰ মাটি ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ৷ কৰিমগঞ্জত সংবাদমেল পাতি এই অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷

অসমৰ মাটি ৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

author img

By

Published : Oct 30, 2020, 2:21 PM IST

কৰিমগঞ্জ, 30 অক্টোবৰ : অসম চৰকাৰে অসমৰ মাটি ৰক্ষা কৰাত ব্যৰ্থ হৈছে ৷ অসমৰ কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বহু মাটি আছে মিজোৰামৰ দখলত ৷ জাতি-মাটি-ভেঁটি ৰক্ষা কৰাৰ কথা কোৱা চৰকাৰে মিজোৰামে দখল কৰা অসমৰ মাটি উভতাই অনাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ চৰকাৰে মাটি উভতাই আনিব নোৱাৰিলে ৰাইজে উভতাই আনিব ৷ কৰিমগঞ্জত এক সংবাদমেল পাতি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমা বিবাদৰ বুজ ল’লে জি পি সিঙে

কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী আৰু পাথাৰকান্দি বিধানসভা সমষ্টিৰ প্ৰায় সাত হেক্টৰ মাটি মিজোৰামে দখল কৰি ৰাখিছে ৷ অসমৰ মাটিত বনাইছে মিজোৰাম আৰক্ষী বাহিনীৰ কেম্প ৷ গছ-পুলি কাটি তহিলং কৰিছে মিজো আৰক্ষীয়ে ৷ ভূমিসংক্ৰান্ত বিবাদ মিমাংসা কৰাৰ বাবে অসম প্ৰশাসনে মিজোৰামৰ সৈতে কেইবাবাৰো আলোচনাৰ পাছতো কোন দৃঢ় সিদ্ধান্ত গ্ৰহন কৰিব পৰা নাই বৰ্তমানৰ চৰকাৰখনে ৷

লগতে পঢ়ক : মিজোৰ আগ্ৰাসনঃ কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ প্ৰধান গৃহ সচিব আৰু এডিজিপি

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰি কয়, অসমৰ সৈতে থকা মিজোৰাম সীমান্তত কৰবাত 2 কিলোমিটাৰ, কৰবাত আকৌ 3 কিলোমিটাৰকৈ অসমৰ ভূমি দখল কৰি ৰাখিছে মিজোৰামে ৷ কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ উপৰিও নেডাৰ চেয়াৰমেন হিমন্ত বিশ্ব শৰ্মা হৈ থকাৰ পাছতো এনে পৰিস্থিতিৰ উদ্ভব হ'ল । মাটি আৰু ভেঁটিৰ কথা অসম চৰকাৰে কৈ থাকিলেও বৰ্তমানে বহু মাটি আন ৰাজ্যই দখল কৰি আছে ।

অসমৰ মাটি ৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

ছিদ্দিক আহমেদে ক্ষোভ প্ৰকাশ কৰি কৰি কয়, এনে পৰিস্থিতিত চৰকাৰে কি কৰি আছে, কেনেকৈ মাটি ৰক্ষা কৰিব, এয়া ৰাজুহুৱা কৰক । চৰকাৰে নোৱাৰিলে ৰাইজে গৈ মাটি উদ্ধাৰ কৰিব পাৰিব । মিজোৰামে দুঃসাহসিকভাবে অসমৰ স্কুল ভাঙি দিয়াৰ লগতে ঘৰবাৰী জ্বলাই দিছে, আনকি বনাঞ্চল দখল কৰি অসমৰ তেঁওলোকৰ চাইনবোৰ্ড লগাই দিছে । কৰিমগঞ্জ প্ৰশাসনে সেই অবৈধ চাইনবোৰ্ড ভাঙি দিয়াৰ পিচতেই জিলা উপায়ুক্তক শ্বকোজ নোটিছ জাৰি কৰিছে মিজোৰাম প্ৰশাসনে । এই পৰিস্থিতিত অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত অসমৰ মাটি উদ্ধাৰৰ বাবে আবেদন জনায় ছিদ্দিক আহমেদে । তেঁও জনায়, বৰ্তমানে অসম মিজোৰাম সীমান্তত মিজো প্ৰশাসনে মাইকিং কৰি মাটি দখল কৰা লোকক অভয় প্ৰদান কৰি আছে । প্ৰয়োজন হ'লে মিজোৰামে ম্যানমাৰৰ পৰা খাদ্য সামগ্ৰী লৈ আহিব বুলি কৈ আছে । ভাৰতৰে এখন ৰাজ্যই এনদৰে ভাবুকি প্ৰদান কৰি থাকিলে আগন্তুক দিনত ফলাফল ভয়ানক হ'ব বুলি জনায় তেঁও ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.