ETV Bharat / state

কৰিমগঞ্জত বিদ্যুৎ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

শক্তি খণ্ড ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

author img

By

Published : Jun 1, 2020, 8:13 PM IST

ETV BHARAT
কৰিমগঞ্জত বিদ্যুৎ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

কৰিমগঞ্জ, 1 জুনঃ কৰিমগঞ্জত আসাম ষ্টেট পাৱাৰ ওৱৰ্কাছ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শক্তি খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

ভাৰত চৰকাৰে বিদ্যুৎ বিল 2003 সংশোধনীৰে বলৱৎ কৰিব বিচৰা বিদ্যুৎ বিল 2020 আৰু শক্তি খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে সোমবাৰে,আসাম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ কৰিমগঞ্জৰ লগতে সমগ্ৰ অসমতে কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম শক্তি বিতৰক সংস্থা চমুকৈ এপিডিচিএল ব্যক্তিগত কৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৰিমগঞ্জ জিলাৰ সকলো অসম শক্তি বিতৰক কোম্পানী লিমিটেড (এপিডিচিএল) চাব ডিভিজনৰ কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিল 2020 প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰাৰ লগতে চৰকাৰে বিদ্যুৎ বিতৰণ সংস্থাক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰী সকলে কেতিয়াও সংস্কাৰৰ নামত বিদ্যুৎ কোম্পানীক বেচৰকাৰীকৰণ কোনো কাৰণতে মানি নলয় বুলি তীব্ৰ হুংকাৰ দিয়ে ৷ লগতে প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক- অদৃশ্য শক্তিৰ শৰণাপন্ন নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.