ETV Bharat / state

ছাৰে ঘৰত থাকি ভাল পায়: ৰেজিষ্টাৰ বহী হোম ডেলিভাৰী দিয়ে ছাত্ৰই - কৰিমগঞ্জ বাতৰি

ছাত্ৰই ঘৰলৈ লৈ যোৱা ৰেজিষ্টাৰত চহী কৰি দৰমহা খাইছে ভাংগা ৫৩৮ নং পূব কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাজী আলিয়ে ৷ নীতি-নিয়ম নমনা প্ৰধান শিক্ষকক অনুসৰণ কৰি নিজ সময় সুবিধা মিলাই বিদ্যালয়লৈ আহে আন আন শিক্ষক-শিক্ষয়িত্ৰীসকল ৷ ভাইৰেল হল প্ৰধান শিক্ষকৰ ঘৰলৈ ৰেজিষ্টাৰ বহী লৈ যোৱা অৱস্থাত ছাত্ৰ ভিডিঅ' ৷ প্ৰধান শিক্ষকৰ হেমাহীৰ বাবে বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন ৷ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

arrogant headmaster
ছাৰে ঘৰত থাকি ভাল পায়: সেইবাবে ছাত্ৰই ছাৰৰ হাতত দিয়ে ৰেজিষ্টাৰ বহীৰ হোম ডেলিভাৰী
author img

By

Published : Nov 26, 2019, 3:29 PM IST

কৰিমগঞ্জ, 26 নৱেম্বৰ: এখন বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ নিৰ্ধাৰিত সকলো নীতি-নিয়মৰ উলংঘা কৰি ইতিহাস ৰচিছে কৰিমগঞ্জৰ ৫৩৮ নং পূৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ে ৷ এই অভিযানত নেতৃত্ব দিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাজী আলি আৰু তেওঁক সহায় কৰিছে সহকৰ্মী শিক্ষক সকলে ৷ ভাংগা অঞ্চলত থকা কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ত এতিয়া আধিপত্য চলাইছে সকলো নিয়মক অংগুস্থ দেখুওৱা প্ৰধান শিক্ষক হাজী আলিয়ে ৷ ইটিভি ভাৰতৰ এক বিশেষ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ তথ্য অনুসৰি কেৱল নিজৰ ইচ্ছা অনুযায়ী হে বিদ্যালয়ত উপস্থিত থাকে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা প্ৰধান শিক্ষক হাজী আলি, আনকি বিদ্যালয়খনৰ এইগৰাকী অঘোষিত সম্ৰাটে ছাত্ৰ ঘৰলৈ মাতি হে চহী কৰে নিজৰ ৰেজিষ্টাৰ বহীত ৷ এই কথা বহুদিনৰ পৰা লক্ষ্য কৰি অৱশেষত হাজী আলিৰ ঘৰৰ পৰা ৰেজিষ্টাৰত চহী কৰি উভতা পথত দুই কণমাণি ছাত্ৰৰ ভিডিঅ' ম'বাইল কেমেৰাত আৱদ্ধ কৰিলে স্থানীয় ৰাইজে ৷

ছাৰে ঘৰত থাকি ভাল পায়: সেইবাবে ছাত্ৰই ছাৰৰ হাতত দিয়ে ৰেজিষ্টাৰ বহীৰ হোম ডেলিভাৰী

হাজী আলিৰ এই ময়মতালিৰ ফলত দিনক দিনে অধিক অৱনতি ঘটিছে বিদ্যালয়খনৰ অৱস্থা ৷ প্ৰধান শিক্ষকৰ এই মইমতালিক সম্পূৰ্ণ সমৰ্থন কৰি তেওঁকেই অনুসৰণ কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু শৈক্ষিক পৰিৱেশ আৰু জটিল কৰি তুলিছে বিদ্যালয়ৰ একাংশ শিক্ষকে ৷ নিৰ্ধাৰিত সময় 9 বজাৰ পৰিৱৰ্তে 10 বজা বা তাতকৈও দেৰিকৈহে বিদ্যালয়ত উপস্থিত হয় বিদ্যালয়ৰ বাকী 5 গৰাকীকৈ শিক্ষক ৷ আনকি শ্ৰেণীকোঠাত পাঠদানৰ সময়তো বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক দেখা যায় মোবাইল ফোন উপভোগ কৰি অৱসৰ-বিনোদনত ব্যস্ত থকাৰ সহজলভ্য দৃশ্য ৷

শিক্ষকসকলক সাংবাদিকে কিয় পলম হ'ল বুলি সোধাৰ প্ৰশ্নৰ উত্তৰ মুখৰ আগতে দিলে ৫৩৮ নং পূৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকসকলে ৷ তেওঁলোকৰ হেনো ঘৰ দূৰৈত সেইবাবে সময়ত উপস্থিত হোৱাত সৃষ্টি হয় অসুবিধা ৷ আন এজন শিক্ষকক বিদ্যালয়ত প্ৰধান শিক্ষক কিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত কলে প্ৰধান শিক্ষক বৰ্তমান ছুটীত কিন্তু কিমান দিনৰ বাবে সেই বিষয়ে হে ছাৰ অৱগত নহয় ৷ কেৱল সেয়াই নহয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাজী আলিৰ অত্যাধিক দায়িত্ববোধৰ তথা কৰ্তব্যৰ প্ৰতি থকা নিস্থাৰ ফলত কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ত জহি খহি গৈছে মধ্যাহ্ন ভোজনৰ ভোজনালয় ৷ পাকঘৰ দেখিলেই অতি সহজেই উমান পোৱা যায় বহুদিন ধৰি ব্যৱহাৰ হোৱা নাই ৰন্ধন কাৰ্যত ব্যৱহৃত সামগ্ৰী ৷ সাংবাদিকৰ আগত খোদ এই কথা স্বীকাৰ কৰিলে মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে ৷

এতিয়া প্ৰশ্ন হয়, স্থানীয় ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাছত এতিয়ালৈকে কিয় চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়া প্ৰধান শিক্ষক হাজী আলিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে? শিক্ষাখণ্ডৰ ব্যাপক সংস্কাৰ সাধন কৰা হৈছে বুলি সততে সৰৱ হৈ থকা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য এই বিষয়ত নিমাত কিয়? সময় থাকোতে ব্যৱস্থা লওক কণ-কণ শিশুৰ ভৱিষ্যতৰ লগত খেলা কৰা হাজী আলিৰ দৰে শিক্ষাৰ দৰে পৱিত্ৰ বৃ্ত্তিক কুলষিত কৰা নামধাৰী শিক্ষকক নহলে পাছত চৰকাৰী শিক্ষানুষ্ঠানৰ কিয় এনে অৱস্থা বুলি আক্ষেপ কৰিও একো লাভ নহব ৷

আৰু পঢ়ক: ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বিষয়ে জানো আহক

Intro:Body:SLUG: KINGDOM OF A HEADMASTER, KARIMGANJ
এগৰাকি প্ৰধান শিক্ষকৰ একছত্ৰ আধিপত্য । বিদ্যালয়ত প্ৰায়ে অনুপস্থিত থাকে শিক্ষক গৰাকি । উপস্থিতিৰ ৰেজিট্ৰাৰ ছাত্ৰক দি ঘৰত পঠিৱাই দিয়া হয় প্ৰধান শিক্ষক গৰাকিয়ে চহি কৰাৰ বাৱে । অবশ্য মাঝে মাঝে বিদ্যালয়ত আহি অলপ সময় সকলৰ বুজ লৈ এটা ছিগাৰেটৰ সুখটান মাৰি উভতি যায় । প্ৰধান শিক্ষকৰ হেমাহীত সময়মতো নাহে আন শিক্ষকসকলো । জহি খহি গৈ আছে বিদ্যালয় ভবন । বন্ধ হৈ আছে মধ্যান্ন ভোজন । ইফালে নিজ ঘৰৰ চৌহদতে বনাই ৰাখিছে এলাকাৰ অংগনৱাৰি কেন্দ্ৰ । কেন্দ্ৰটোৰ পৰিচালক তথা অংগনৱাৰি কৰ্মী গৰাকি আকৌ তেঁওৰে স্ত্ৰী । নিজৰ ইচ্ছানুসাৰে খোলা হয় অংগনৱাৰি কেন্দ্ৰটো বুলি ৰাইজৰ ব্যাপক অভিযোগ ।
এয়া কৰিমগঞ্জ জিলাৰ ভাংগাত থকা ৫৩৮ নং পুৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয় । বিদ্যালটোৰ প্ৰধান শিক্ষক হাজী আলিৰ ময়মতালিত অতি দুৰবস্থা হৈ উঠিছে বিদ্যালয়খনৰ । এলাকাৰ ৰাইজৰ অভিযোগ অনুসৰি আলি ছ্যাৰ গৰাকিয়ে ব্যাপক আধিপত্য দেখাই আছে । অধিকাংশ দিনত বিদ্যালয়ত নাহি উপস্থিতিৰ ৰেজিট্ৰাৰ ছাত্ৰক দি ঘৰত লৈ গৈ প্ৰধান শিক্ষক গৰাকিয়ে চহি কৰি পঠাই দিয়ে । যাৰ ভিডিও এখনো আমাৰ হাতত ডাঙি ধৰে স্থানীয় ৰাইজে । ৰাইজৰ মতে, আলি চ্যাৰ একেবাৰে যি বিদ্যালয়ত নাহে এনে নহয় মাঝে মাঝে আহি সকলৰ বুজ লৈ এটা ছিগাৰেটৰ সুখটান মাৰি গুছি যায় (দৃশ্যপট-১, 804) । শিক্ষক গৰাকিৰ এনে ময়মতালিত আন শিক্ষক সকলো নিজৰ মনমৰ্জিত আহে । সাড়ে ৯টাৰ পৰা সাড়ে ১০টাকে লৈকে চলে বাকি শিক্ষক সকলৰ অহা । আমি সাড়ে নটাত উপস্থিতি হলে ৫গৰাকিৰ মাজত কেৱলমাথৌ দুগৰাকি মহিলা শিক্ষকেই উপস্থিত আছিল । তেঁওলোকেই কি কৰিব, অকলে কাম কৰিবলৈ ইমান এটা মন যায়, ইয়াৰ বাৱে মোবাইলতে কিছি বিনোদন উপভোগ কৰি ক্লাছ চলাই আছে । এই দুগৰাকি শিক্ষিকায়ো প্ৰধান শিক্ষক গৰাকি কোনদিন আহে এয়া স্পষ্টকৈ কব পাৰা নাই । (দৃশ্যপট-২, 805) ১০টা বজাৰ ২০ মিনিট আগত আন এজন শিক্ষক সোমাল বিদ্যালয়ত । কিবা কাম আছি ইয়াৰ বাৱে পলম হৈছে বুলি জনায় । তেঁও যদিও কৈছে প্ৰধান শিক্ষকগৰাকিয়ে ছুটি লৈছে কিন্তু প্ৰকৃততে কোনদিনৰ পৰা, এয়া ভালদৰে কব পাৰা নাই । প্ৰধান শিক্ষকে চহি কৰাৰ বাৱে ছাত্ৰক দি ৰেজিষ্টাৰ পঠাই দিয়াৰ কথাও স্বীকাৰ কৰে তেঁও (দৃশ্যপট-৩, 802)। প্ৰায় ১০ বজাত সোমাল আন এগৰাকি শিক্ষক, তেঁওৰ অজুহাত আকৌ বেলেগ । তেঁও হেনু হাইলাকান্দিৰ পৰা অহাৰ বাৱে মাজে মাজে পলম হয় (দৃশ্যপট-৪, 803) । ইফালে প্ৰধান শিক্ষকৰ হেমাহীৰ বাৱে মধ্যান্ন ভোজন বন্ধ হৈ আছে বিদ্যায়টোত । বিদ্যালয় ভবন আৰু পাকঘৰৰ অবস্থাও হৈ উঠিছে দূৰ্বিসহ । পাখঘৰ ভিতৰ দেখিলে সহজেই উমান পোৱা যায় বহুদিন ধৰি ব্যবহাৰ হোৱা নাই । ৰাধুনীৰ মুখৰে শুনক মিড্-ডে মিলৰ কাহানী । ইফালে জহি খহি গৈ আছে বিদ্যালয় ভবনটোও (দৃশ্যপট-৫, 806-805) ।
স্থানীয় ৰাইজে প্ৰধান শিক্ষক গাৰকিৰ এনে কাৰ্যৰ সম্পূৰ্ণ বিৱৰন ডাঙি ধৰে । লগতে আমাক অবগত কৰে শিক্ষক গৰাকিয়ে এলাকাত সাম্ৰাজ্য চলাই যোৱাৰ কাহানী । নিজৰ ঘৰৰ এলাকাতে অংগনৱাৰি কেন্দ্ৰ খুলি ৰাখিছে ।যি কেন্দ্ৰত তেঁওৰ স্ত্ৰী ছালেহা বেগম হৈছে অংগমৱাৰি কৰ্মী । তেঁওো অধিকাংশ দিনতো বন্ধ ৰাখে কেন্দ্ৰটো ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.