ETV Bharat / state

Aminul Hoque Laskar on Karim Uddin Borbhuyan : কৰিম উদ্দিন বৰভূঞাক জালিয়াতিৰ নেতা আখ্যা আমিনুল হক লস্কৰৰ

author img

By

Published : May 14, 2023, 1:49 PM IST

Updated : May 14, 2023, 2:27 PM IST

২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মনোনয়ন-পত্ৰৰ লগতে কৰিম উদ্দিন বৰভূঞা ওৰফে চাজুৰ শিক্ষাগত অৰ্হতাৰ তথ্য জালিয়াতি আছিল (Karim Uddin Borbhuyan certificate fraud case) । চাজুৰ এই প্ৰৱঞ্চনাৰ সবিশেষ জানিবলৈ একাংশ লোকে আৰ টি আই দাখিল কৰে । আৰ টি আইৰ প্ৰত্যুত্তৰত পোৱা তথ্যত দেখা গৈছে যে নিৰ্বাচনী শপতনামাত চাজুৰ শিক্ষাগত অৰ্হতাৰ তথ্য সম্পূৰ্ণ মিছা । এই অভিযোগ বিধায়ক আমিনুল হক লস্কৰৰ ।

Aminul Hoque Laskar on Karim Uddin Borbhuyan

বিধায়ক আমিনুল হক লস্কৰৰ সংবাদমেল

কৰিমগঞ্জ, ১৪ মে' : সোণাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা ওৰফে চাজুৰ বিৰুদ্ধে ভুৱা প্ৰমাণ-পত্ৰ (Karim Uddin Borbhuyan fraud in certificate) সন্দৰ্ভত প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ অভিযোগে নতুন মাত্ৰা প্ৰদান কৰিছে । ২৬ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে আমিনুলৰ আবেদন মানি লৈ এক গুৰুত্বপূৰ্ণ ৰায় গৃহীত কৰে (Aminul Haque Laskar slams Karim Uddin Borbhuyan) । উচ্চ ন্যায়ালয়ে বিধায়ক কৰিম উদ্দিনক ১৫ মে’ত ব্যক্তিগতভাৱে হাজিৰ হৈ এই আবেদনৰ লিখিত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে (Gauhati High Court) । কিন্তু কৰিম উদ্দিনে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে । এতিয়া ১৬ মে’ত পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ।

শনিবাৰে শিলচৰত এক সংবাদমেলত এই মন্তব্য কৰে সোণাইৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে (Karim Uddin Borbhuyan certificate fraud case) । তেওঁ চাজুক প্ৰৱঞ্চনাৰ মাষ্টাৰমাইণ্ড বুলি কোৱাৰ লগতে তেওঁৰ জালিয়াতিৰ গোচৰৰ সবিশেষ প্ৰকাশ কৰে । সংবাদমেলত আমিনুলে কয়, ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়ন-পত্ৰৰ লগতে চাজুৰ শিক্ষাগত অৰ্হতাৰ তথ্য জালিয়াতিৰ চৰম উদাহৰণ আছিল । চাজুৰ এনে প্ৰৱঞ্চনাৰ সঠিক আৰু সবিশেষ জানিবলৈ একাংশ লোকে আৰ টি আই দাখিল কৰে । আৰ টি আইৰ প্ৰত্যুত্তৰত পোৱা তথ্যৰ পৰা দেখা গৈছে যে নিৰ্বাচনী শপতনামাত চাজুৰ শিক্ষাগত অৰ্হতাৰ তথ্য সম্পূৰ্ণ মিছা ।

আৰ টি আইৰ তথ্য মতে, তেওঁ শিলচৰৰ জিচি কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা নাছিল । বৰঞ্চ তেওঁ সকলো বিষয়তে অনুত্তীৰ্ণ হৈছে (RTI against Karim Uddin Borbhuyan) । তেওঁৰ ইঞ্জিনীয়াৰিং ডিপ্ল'মা ভুৱা । আনহাতে, উত্তৰ প্ৰদেশৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ তথ্যও সম্পূৰ্ণ মিছা । তেওঁ লগতে দাবী কৰে যে এইবোৰ কথা কাৰো মুখৰ পৰা শুনা নহয় বা ৰাস্তাৰ পৰা তুলি লোৱা কাগজত পোৱা নহয় । তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি সম্পূৰ্ণ সাংবিধানিক প্ৰক্ৰিয়াৰে এই তথ্য লাভ কৰা হৈছে বুলি তেওঁ দাবী কৰে (Aminul termed MLA Saju as leader of fraud) ।

আনহাতে, এই বৈধ নথি-পত্ৰ লাভ কৰাৰ পিছতে ২০২১ চনৰ জুন মাহত প্ৰাক্তন বিধায়ক আমিনুলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বুলিও উল্লেখ কৰে । কিন্তু চাজুৱে বিভিন্ন যুক্তি দি গোচৰটো নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল । ডেৰ বছৰৰ পাছত যোৱা ২৬ এপ্ৰিলত উচ্চ ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰে । কিন্তু এইবাৰো উচ্চ ন্যায়ালয়ৰ পৰা ওলাই উচ্চতম ন্যায়ালয়লৈ যায় চাজু । আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰবীণ কংগ্ৰেছ নেতা কপিল ছিবাল, অভিষেক মনু সিংভিৰ দৰে অধিবক্তাক চাজুৰ হৈ এই গোচৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ব্যৱস্থা কৰি দিয়া বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Karnataka result 2023 : কৰ্ণাটকৰ পৰাই ব’ব পৰিৱৰ্তনৰ বতাহ; বিধায়ক ছিদ্দিক আহমেদ

Last Updated : May 14, 2023, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.