ETV Bharat / state

Police brutality in Karimganj: থানাৰ ভিতৰতে যুৱকক নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ

author img

By

Published : Jul 8, 2022, 9:47 PM IST

কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীৰ গুণ্ডাগিৰী । থানাৰ ভিতৰত এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ(Youth was allegedly beaten inside the police station) । নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ নিৰ্যাতিত পৰিয়ালৰ ।

allegations-against-police-for-physically-abused-one-youth-in-karimganj
আৰক্ষীৰ বৰ্বৰতা! থানাৰ ভিতৰতে যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ

কৰিমগঞ্জ, 8 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা পুলিচৰাজে অতিস্থ কৰি তুলিছে সাধাৰণ জনতাক । এনকাউন্টাৰৰ দৰে ঘটনাও যেন এতিয়া নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে । সম্প্ৰতি কৃতি কমল বৰাৰ ভুৱা এনকাউন্টাৰৰ ঘটনাৰ সত্যতাই সেয়া পুনৰ প্ৰমাণিত কৰিছে(Kirtikamal Bora victim of fake encounter)।

এইবাৰ কৰিমগঞ্জতো আৰক্ষীৰ বৰ্বৰতাৰ এক ঘটনা পোহৰলৈ আহিছে । চম্পক দাস নামৰ এজন যুৱকক আৰক্ষীয়ে অতি নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলতেই নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীদূৰ্গা নগৰ গাঁৱৰ চম্পক দাস নামৰ যুৱকজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়(Allegations against police for physically abused one youth) ৷

উল্লেখ্য যে, ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে চম্পক দে'ৰ খুৰাকে নিলামবজাৰ আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত 6 জুলাইত আটক কৰিছিল যুৱকজনক ৷ অভিযোগ অনুসৰি, নিলামবজাৰ আৰক্ষীয়ে থানাৰ ভিতৰতে ওৰে নিশা চম্পক দে'ৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই অৱশেষত দুই হাজাৰ টকাৰ বিনিময়ত পুৱতি নিশা এৰি দিয়া হৈছিল । আনকি ওলাই গৈ আৰক্ষীৰ বিৰুদ্ধে মুখ নোখোলাৰ বাবেও ভাবুকি দিয়া হৈছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ।

ইপিনে, 7 জুলাইৰ পৰাই চম্পক দে'ৰ স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰক্ষীৰ প্ৰহাৰত একপ্ৰকাৰে চলা ফুৰা কৰিব নোৱাৰা অৱস্থা হোৱা চম্পক দে'ৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ ন্যায় বিচাৰিছে ।

লগতে পঢ়ক : আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.