ETV Bharat / state

কৰিমগঞ্জত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

author img

By

Published : Feb 22, 2021, 5:26 PM IST

মজুৰি বৃদ্ধিৰ দাবীত কৰিমগঞ্জত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে । মজুৰি বৃদ্ধি নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ ।

কৰিমগঞ্জত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ
কৰিমগঞ্জত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

কৰিমগঞ্জ, ২২ ফেব্ৰুৱাৰী: নিৰ্বাচন সমাগত । নিৰ্বাচনী প্ৰচাৰক লৈ নেতা-মন্ত্ৰীসকলে প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ সমান্তৰালকৈ ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ভিন্ন দল-সংগঠনে । মজুৰি বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, মাটিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা আদি ভিন্ন বিষয়ক লৈ প্ৰতিবাদ অব্যাহত আছে ।

মজুৰি বৃদ্ধিৰ দাবীত কৰিমগঞ্জত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে । শ শ কৰ্মীয়ে বিভিন্ন দাবীৰে উত্তাল কৰিলে ৰাজপথ । তেওঁলোকৰ হুংকাৰ যদি মজুৰি বৃদ্ধি নকৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব ।

সোমবাৰে প্ৰতিবাদকাৰী কৰ্মীসকলে কৰিমগঞ্জৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ । অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ ৫০ শতাংশ মাহিলী দৰমহা বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে প্ৰতিশ্ৰুতি হৈয়ে থাকিল । আজি পৰ্যন্ত এটকাও বৃদ্ধি নাপালে তেওঁলোকৰ মাহিলী দৰমহা । অথচ তেওঁলোকে নিজৰ বিভাগৰ কামৰ উপৰিও স্বাস্থ্য বিভাগৰ কাম কৰি গৈছে । তৎস্বত্তেও এইসকল কৰ্মীৰ ফালে এবাৰো চাবলৈ আহৰি নাই বিয়াগোম হাই লেভেল নেতা তথা চৰকাৰৰ ।

যেতিয়ালৈ চৰকাৰে দৰমহা বৃদ্ধি নকৰে তেতিয়ালৈ ভোট দানৰ পৰা বিৰত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:মানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.