ETV Bharat / state

সুতাৰকান্দি সীমান্তৰে ১৯ গৰাকী বাংলাদেশী নাগৰিক স্বদেশলৈ প্ৰত্যাৱৰ্তন

কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে পুনৰ ১৯ গৰাকী ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তন কৰিলে ভাৰত চৰকাৰে । লোককেইজন বিভিন্ন ডিটেনছন কেম্পত বন্দী হৈ থকাৰ পাছত শাস্তিৰ ম্যাদ উকলাত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা হয় ৷

author img

By

Published : Jan 28, 2021, 5:46 PM IST

again-19-bangladesi-deported
সুতাৰকান্দি সীমান্তৰে ১৯ গৰাকী বাংলাদেশী নাগৰিক স্বদেশলৈ প্ৰত্যাৱৰ্তন

কৰিমগঞ্জ, 28 জানুৱাৰী : কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে পুনৰ অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশলৈ প্ৰত্যাবৰ্তন কৰোৱা হৈছে ৷ বিভিন্ন ডিটেনছন কেম্পত বন্দী হৈ থকা ১৯ গৰাকী বাংলাদেশীক বৃহস্পতিবাৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিলে ভাৰত চৰকাৰে । উভতাই পঠোৱা অবৈধ বাংলাদেশী সকলৰ মাজত ১৪ গৰাকী পুৰুষ আৰু ৫ গৰাকী মহিলা বাংলাদেশী নাগৰিক আছে ৷

ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা বাংলাদেশী কেইজন বিগত ২/৩ বছৰে অসমৰ বিভিন্ন জিলাত আটক হৈছিল । কৰিমগঞ্জ, শিলচৰকে ধৰি ধুবৰী, চৰাইদেও, শোনিতপুৰ, ধেমাজি, কোকৰাঝাৰকে ধৰি প্ৰায় ১০খন জিলাত বেলেগ বেলেগ সময়ত ধৰা পৰিছিল বাংলাদেশী নাগৰিক কেইজন ৷ লোক কেইজনৰ শাস্তিৰ ম্যাদ উকলাৰ পাছতে বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ প্রত্যাৱৰ্তন কৰোৱা হয় ৷

উল্লেখ্য যে, বিগত এটা বছৰৰ ভিতৰত পৰ্যায়ত্ৰমে শতাধিক অবৈধ বালাদেশীক কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ প্ৰত্যাবৰ্তন কৰোৱা হৈছে |

লগতে পঢ়ক: ডিমাচা উৎসৱৰ মাজতে গুলিচালনা, ২ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.