ETV Bharat / state

মালবাহী ৰেলে মহতিয়ালে টাটা মেজিক - ৰে'ল লাইন

কৰিমগঞ্জত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ ৰে'ল লাইন পাৰ হোৱাৰ সময়তে এখন মালবাহী ৰে'লেৰে এখন টাটা মেজিকৰ সংঘৰ্ষ হৈ সংঘটিত হয় এই দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা টাটা মেজিকখনৰ চালকৰ ৷

accident in karimganj between truck and train

author img

By

Published : Jul 17, 2020, 11:39 AM IST

কৰিমগঞ্জ, 17 জুলাই: কৰিমগঞ্জৰ নিলামবজাৰত ৰে'ল লাইন পাৰ হোৱাৰ সময়তে এখন মালবাহী ৰে'লেৰে সংঘৰ্ষ হয় এখন টাটা মেজিকৰ ৷ ঘোঁৰামাৰা তালতলা সংযোগী গড়কাপ্তানী পথেৰে টাটা মেজিকখন, নিলামবজাৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল টাটা মেজিক খনৰ চালকৰ ৷

উল্লেখ্য যে, ৰে'ল লাইন পাৰ হোৱাৰ সময়তে টাটা মেজিক খন আগুৱাই নিয়াত বিফল হৈ চালকে গাড়ীৰ পৰা নামি আহি ৰে'ল পথৰ পৰা কেনেদৰে গাড়ীখন উদ্দাৰৰ চেষ্টা চলায় ৷ দ্ৰুত গতিত আহি থকা এখন মালবাহী ৰে'লে খুন্দিয়াই গাড়ীখনত ৷

কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা চালকৰ

এই দুৰ্ঘটনাৰ পৰা কোনোমতে চালক গৰাকী ৰক্ষা পৰে যদিও, তীব্ৰবেগী মালবাহী ৰে'লখনে প্ৰায় 200 মিটাৰ দূৰলৈ মহতিয়াই নিয়ে টাটা মেজিক খন ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত গাড়ীখন ৰে'ল পথৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, ঘটনাস্থনীত আছে এটা বিকল ৰে'ল ক্ৰছিং ৷ যাৰ বাবে প্ৰতিদিনেই বহু বাহন আৰু লোকে বিপজ্জনক অৱস্থাত পাৰ কৰিবলগীয়া হয় ৰে'লপথ ৷ দীৰ্ঘদিন ধৰি স্থানীয় লোকে সেই স্থানত এটা স্থায়ী ৰে'ল ক্ৰছিং নিৰ্মাণৰ বাবে দাবী জনায় আহিছে যদিও, আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ কথাত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: দ্ৰুতবেগী ট্ৰাকে এশ মিটাৰ চোঁচৰাই নিলে যুৱকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.