কৰিমগঞ্জ,8 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ ক'ভিড ভয়াৱহতাৰ মাজতে সুদূৰ ব্ৰিটেইনৰ মেডিকেল কলেজত সংস্থাপন লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কৰিমগঞ্জৰ পাথাৰকান্দি মডেল হাস্পতালৰ এগৰাকী জিএনএম(GNM) নাৰ্ছে ৷ চাকৰিত যোগদান কৰাৰ উদ্দেশ্যে ইতিমধ্য় যোৱা 2 জুলাই তাৰিখে লণ্ডন পাইছে গৈ হেলেন দংগেল নামৰ নাৰ্ছ গৰাকী । বৰ্তমান লণ্ডনৰ এখন হোটেলত এক মাহৰ বাবে আইচলেশ্ব্যনত আছে নাৰ্ছ গৰাকী ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বলৈকে কৰিমগঞ্জৰ পাথাৰকান্দি মডেল হাস্পতালত নাৰ্ছিং ষ্টাফ হিচাপে কৰ্মৰত হেলেন দংগেলে বিগত কেইবামাহ পৃৰ্বে কেৰালাত এটা বিশেষ পৰীক্ষাত অংশ গ্ৰহণ কৰিছিল ৷ এই পৰীক্ষাত বিশ্বৰ মুঠ 52 খন দেশৰ পৰীক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰিছিল ৷ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ হেলেন দংগেলেই এই পৰীক্ষাত অংশ গ্ৰহণ কৰি ভাল নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল । অৱশেষত ব্ৰিটেইনৰ নেশ্ব'নেল হেলথ চাৰ্ভিচৰ ফালৰ পৰা চৰকাৰী চাকৰি লাভ কৰে হেলেন দংগেলে ।
হেলেন দংগেলৰ জন্ম হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ টুমজাং নামৰ গাঁৱত । সৰুৰে পৰা যথেষ্ট মেধাবী আছিল হেলেন । দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যদিও বহু কষ্টেৰে জিএনএম নাৰ্ছিং প্ৰশিক্ষণ সম্পন্ন কৰি প্ৰথমতে ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা নিজৰ কৰ্ম জীৱন আৰম্ভ কৰিছিল হেলেনে ৷ অৱশেষত 2014 চনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত নাৰ্ছৰ চাকৰি লাভ কৰি পাথাৰকান্দি মডেল হাস্পতালত নাৰ্ছিং ষ্টাফ হিচাপে যোগদান কৰিছিল হেলেন দংগেলে ৷
উল্লেখনীয় যে, ঘৰত কণমানি কন্যা সন্তানক পিতৃৰ হাতত এৰি উৰা মাৰিছে লণ্ডনলৈ । হেলেনৰ এই সফলতাৰ বাবে আনন্দৰ বন্যা বৈছে সমগ্ৰ কৰিমগঞ্জ জিলাত ৷