কৰিমগঞ্জ,19 নৱেম্বৰ: কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত চেৰাগীবজাৰ এলেকাৰ শেৰপুৰ গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড ৷ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণ কৰে একে গাঁওৰ এজন যুৱকে ৷ ধৰ্ষণ কাণ্ডৰ লগত জড়িত যুৱকজনৰ নাম হৈছে আব্দুল কাদিৰ । অভিযোগ অনুসৰি দহ বছৰীয়া কিশোৰীগৰাকী আব্দুল কাদিৰৰ ঘৰৰ কাষেৰে নিজৰ ঘৰলৈ যোৱাৰ সময়তে আব্দুল কাদিৰে শিশুগৰাকীক বলপূৰ্বকভাৱে ঘৰলৈ লৈ যায় আৰু নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণ কৰে ।
পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে । ধৰ্ষণৰ বলি হোৱা শিশুটিয়ে পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা অৱগত কৰাৰ লগে লগে পৰিয়ালৰ লোকে ৰাতি বাৰইগ্ৰাম আৰক্ষী অনুসন্ধান চকীত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।
আৰক্ষীয়ে আহত শিশুটিক চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ পাছত পলাতক অৱস্থাত থকা আব্দুল কাদিৰক আটক কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।