ETV Bharat / state

কৰিমগঞ্জত দুই পৰিয়ালৰ কাজিয়াত আহত 6 গৰাকীকৈ লোক

author img

By

Published : Sep 28, 2020, 1:39 PM IST

কৰিমগঞ্জত দুই পৰিয়ালৰ মাজৰ সংঘাতত আঘাতপ্ৰাপ্ত 6 গৰাকীকৈ লোক ৷ কৰিমগঞ্জৰ কাঠলতলী অঞ্চলৰ দুবাগ গাঁৱত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ৷ অভিযোগ অনুসৰি ড্ৰাগছৰ ধনৰ লেনদেন ক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হয় ৷ বাক বিতণ্ডাৰ পাছতে চোকা অস্ত্ৰৰে হোৱা আক্ৰমণত দুই হাতত গুৰুতৰভাৱে আহত চৌব্বিশ বছৰীয়া এগৰাকী যুৱতী ৷ আহতসকলক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷

কৰিমগঞ্জত দুই পৰিয়ালৰ কাজিয়াত আহত 6 গৰাকীকৈ লোক
কৰিমগঞ্জত দুই পৰিয়ালৰ কাজিয়াত আহত 6 গৰাকীকৈ লোক

কৰিমগঞ্জ, 28 চেপ্তেম্বৰ: কৰিমগঞ্জৰ কাঠলতলী অঞ্চলৰ দুবাগ গাঁৱত দুই পৰিয়ালৰ মাজত সংঘটিত কাজিয়াত গুৰুতৰভাৱে আহত হ'ল 6 গৰাকীকৈ লোক ৷ জানিব পৰা মতে ড্ৰাগছৰ ধনৰ লেনদেনক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত কাঠলতলী অঞ্চলৰ দুবাগ গাঁৱত ছেলিম উদ্দিন আৰু আব্দুল কালামৰ পুত্ৰ সামিল হুছেইন ৰ মাজৰ কাজিয়াক কেন্দ্ৰ কৰি উভয় পৰিয়ালৰ মাজত নিশাৰ ভাগত সংঘাতৰ সৃষ্টি হয় । প্ৰথমে বাক বিতণ্ডা আৰু তাৰ পাছতে চোকা অস্ত্ৰৰে দুই পক্ষৰ মাজত আক্ৰমণ হয় ৷ পুত্ৰ সালিম হুচেইনক আক্ৰমণৰ পৰা বচাবলৈ চেষ্টা কৰোতে মাতৃ ফাতিমা বেগমো আক্ৰমণৰ সন্মুখীন হয় ৷ ইফালে মাতৃৰ ওপৰত হোৱা আক্ৰমণ প্ৰত্যক্ষ কৰি মাকক বচাবলৈ গৈ দুই হাতত চোকা অস্ত্ৰৰ আক্ৰমণত ছুবানা বেগম নামৰ চব্বিশ বছৰীয়া এগৰাকী যুৱতীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

দুই পৰিয়ালৰ কাজিয়াত আঘাতপ্ৰাপ্ত 6 গৰাকীকৈ লোক

উভয় পক্ষৰে আহত কেউজনকে প্ৰথমে মাকুন্দা খ্ৰীষ্টান মিছনেৰী হস্পিটেলত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ৷ অভিযোগ অনুসৰি ছেলিম উদ্দিন নামৰ যুৱকজন অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত দালালীৰ কাম কৰিছিল । চেক গেইট বন্ধ হোৱাৰ পিছত ছেলিম উদ্দিন ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ পৰে । লক ডাউনৰ সময়ত ছেলিম উদ্দিনৰ পৰা সামিল হুছেইনে সাত লাখ টকাৰ ড্ৰাগছ সংগ্ৰহ কৰাৰ লগতে ড্ৰাগছ বিক্ৰী কৰি টকা দিয়াৰ চুক্তি কৰে । কিন্তু ড্ৰাগছ বিক্ৰীৰ পিছতো সালিম হুছেইনে ছেলিম উদ্দিনৰ সাত লাখ টকা নিদিয়াৰ উপৰিও ছেলিমৰ ভয়ত সালিম হুছেইনে দীৰ্ঘদিন ধৰি পলাতক অবস্থাত থকাৰো অভিযোগ । এনে কাৰণতে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থাকি ঘৰলৈ অহাৰ পিছত ড্ৰাগছৰ ধনৰ লেনদেনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত আৰম্ভ হয় ৷

লগতে পঢ়ক: বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.