কৰিমগঞ্জ, 3 নৱেম্বৰঃ বাংলাদেশী নহয়, এইবাৰ অসমত অবৈধ অনুপ্ৰৱেশ নাইজেৰিয়ানৰ ৷ আফ্ৰিকাৰ মহাদেশৰ নাইজেৰিয়াৰ পৰা বাংলাদেশ আৰু তাৰ পিচত অসম হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আহিছে একাংশ অনুপ্ৰৱেশকাৰীয়ে ৷ সন্ত্ৰাস অধ্যুষিত নাইজেৰিয়াৰ পৰা এইদৰে তিনিগৰাকীকৈ লোক কোনো বৈধ প্ৰমাণ-পত্ৰ নোহোৱাকৈ অসমত প্ৰৱেশ কৰাৰ পিচতে সৃষ্টি হৈছে চাঞ্চল্য ৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে অবৈধ অনুপ্ৰৱেশ একপ্ৰকাৰ ভাবুকি হৈ পৰাৰ সময়তে ভাৰতবৰ্ষত বিশেষকৈ অসমত পৰিলক্ষিত হৈছে ইয়াৰ কু-প্ৰভাৱ ৷
লগতে পঢ়কঃ ETV Bharat সহযোগত 'পান্থতৰু সংৰক্ষণী অসম'ৰ প্লাষ্টিকমুক্ত ভাৰতৰ সংকল্প
ঘটনা অনুসৰি, দেওবাৰে নিশাৰ ভাগত কৰিমগঞ্জ জিলাত গ্ৰেপ্তাৰ হয় তিনিগৰাকীকৈ নাইজেৰিয়ান নাগৰিক ৷ জিলাখনৰ চূড়াইবাৰী তালাচী চকীয়ে নিয়মীয়া তালাচীৰ সময়তে আপত্তিজনক নথি-পত্ৰ তথা বহুকেইটা মোবাইল ফোনসহ গ্ৰেপ্তাৰ কৰে লোক তিনিজনক ৷ আগৰতলাৰ পৰা গুৱাহাটীলৈ বুলি অহা AS01 KC 0259 নম্বৰৰ এখন নৈশ বাছৰ পৰা NNAEMEKA CHINON, IGNITUS আৰু IGUNBOR DOPIS নামে লোক তিনিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰে IGUNBOR DOPIS এগৰাকী মহিলা ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, নাইজেৰিয়াৰ পৰা বাংলাদেশলৈ অহা লোককেইজনে বাংলাদেশী দালালৰ সহযোগত ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত গুৱাহাটীলৈ বুলি আহি থকাৰ গোপন খবৰ লাভ কৰি আৰক্ষীয়ে লোক তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷