কৰিমগঞ্জ, 5 অক্টোবৰঃ ৰাজ্যত ব্যাপক ৰূপত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ লগতে ফেনচিডাইল, নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা ৷ কিন্তু এই ড্ৰাগছ সৰবৰাহ হৈছে কৰিমগঞ্জ জিলাৰ পৰা ৷ জিলাখনৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈও সৰবৰাহ হৈছে নিচাযুক্ত সামগ্ৰী ৷ শুনিবলৈ আচৰিত লাগিলেও তেনে এক ঘটনা পোহৰলৈ আহিছে ৷ কৰিমগঞ্জ জিলাক ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰিত কৰি দুষ্ট চক্ৰই জিলাখনৰ পৰা বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আছে নিষিদ্ধ ড্ৰাগছ ৷ এই কথা প্ৰকাশ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে ৷

জানিব পৰা মতে, ত্ৰিপুৰাৰ চুড়াইবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশৰ পৰা অহা ৰাহুল যাদৱ, বিনয় কুমাৰ আৰু মোহিত সিংহ নামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক ৷ ত্ৰিপুৰাত প্ৰৱেশ কৰিবলৈ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইজনক ৷ উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে UP 75M3222 নম্বৰৰ এখন গাড়ীৰ লগতে প্ৰায় ডেৰ কোটি টকা মূল্যৰ 25,000 ছেনচিডাইল জব্দ কৰে ৷

আনহাতে, অসমৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা হৈ বাংলাদেশলৈ ড্ৰাগছ, ফেনচিডাইলৰ লগতে নিচাযুক্ত টেবলেট আদি সৰবৰাহ হয় বুলি জানিবলৈ দিয়ে উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে ৷ এইক্ষেত্ৰত আৰক্ষীৰ ব্যাপক অভিযানো অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !