কৰিমগঞ্জ, 31 জানুৱাৰীঃ কৰিমগঞ্জ চহৰৰ নিলগৰ ছৰিষাৰ পৰা প্ৰায় 2 লাখ 50 হাজাৰ টকাৰ জালনোট সহ কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ মাফিয়াক | লগতে জব্দ কৰে ML04-B-5065 নম্বৰৰ এখন বলেৰো গাড়ী ৷ গোপন সূত্ৰৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা বাৰে কৰিমগঞ্জ চহৰৰ সংলগ্ন ছৰিছা এলেকাৰ পৰা এখন বলেৰো গাড়ীত তালাচি চলাই জব্দ কৰে প্ৰায় 2 লাখ 50 হাজাৰ টকা ৷ লগতে আটক কৰে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুই যুৱক ৷ ধৃত জালনোট ব্যৱসায়ী দুটা হ'ল ৰাতাবাৰী থানাৰ অন্তৰ্গত দলগ্ৰামৰ জাকিৰ হুছেইন আৰু চেলিম উদ্দীন । দুই জালনোট ব্যৱসায়ীয়ে নিচাজাতীয় টেবলেট ক্ৰয়ৰ বাবে টকাখিনি লৈ কৰিমগঞ্জলৈ আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
উল্লেখ্য যে, ধৃত দুই যুৱককক ত্ৰিপুৰা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি ফুৰিছিল । এনডি পি এছ ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে ত্ৰিপুৰাত । বৰ্তমান দুয়োকে কৰিমগঞ্জ সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে । আৰক্ষীৰ অনুমান ড্ৰাগছ ব্যৱসাৰ এটা বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত এই দুগৰাকী যুৱক । ইতিমধ্যে আৰক্ষীৰ জেৰাত দুয়োজন যুৱকে সদৰী কৰিছে বহু কেইগৰাকীৰ নাম৷ শীঘ্ৰে ব্যক্তি কেইগৰাকীক আটক কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে কৰিমগঞ্জ আৰক্ষীয়ে ।
আৰু পঢ়কঃ কিহৰ মূল্যত এছ চি অ’ত ভাৰতৰ সদস্যভুক্তি