ETV Bharat / state

কৰিমগঞ্জত আতংকৰ কাৰণ হৈ পৰিছে 11 জন নাপিত - নাপিতৰ দেহত কৰ’ণা পজিটিভ

বুধবাৰে কৰিমগঞ্জৰ 11 জন নাপিত আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ আক্ৰান্ত নাপিতকেইজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৷ নিলামবজাৰ এলেকাত বৰ্তমানো 5 জন চেলুন কৰ্মীৰ কৰ’ণা পজিটিভ হোৱা ঠাইত মুকলিকৈ চলিছে চেলুনৰ কাম-কাজ ।

11 hair dressers tested corona positive at Karimganj
কৰিমগঞ্জত 11 জন নাপিতৰ দেহত কৰ’ণা পজিটিভ
author img

By

Published : Jul 18, 2020, 10:31 AM IST

কৰিমগঞ্জ, 18 জুলাই : ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে কৰিমগঞ্জ জিলা । বুধবাৰে কৰিমগঞ্জৰ বিভিন্ন এলেকাৰ 11 জন নাপিতৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ আক্ৰান্ত নাপিতকেইজনৰ নাছিল কোনো ভ্ৰমণ বৃত্তান্ত ।

কিন্তু নিলামবজাৰ এলেকাত 5 জন চেলুন কৰ্মীৰ কৰ’ণা পজিটিভ হোৱা ঠাইত এতিয়াও মুকলিকৈ চলিছে চেলুনৰ কাম । আনহাতে বজাৰ এলেকাত ৰাইজে মাস্ক পৰিধান নকৰাকৈ ঘুৰি ফুৰাৰ পিছতো নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰি আছে আৰক্ষী-প্ৰশাসনে ।

কৰিমগঞ্জত 11 জন নাপিতৰ দেহত কৰ’ণা পজিটিভ

অঞ্চলটোৰ এগৰাকী নাপিতে অন কেমেৰাত উদঙাই দিয়ে স্থানীয় প্ৰশাসনৰ দায়িত্বহীনতাৰ কথা । নাপিতসকল কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতো নিলামবজাৰ এলেকাৰ আন চেলুন তথা বিউটি পাৰ্লাৰ সন্দৰ্ভত প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো বিশেষ ব্যৱস্থা । ইয়াৰ বাবে প্ৰশাসনক জগৰীয়া কৰে স্থানীয় সচেতন লোকে ৷

উল্লেখ্য যে, সম্প্ৰতি কৰিমগঞ্জ জিলাত 383 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ পৰাই গৰু লৈ উধাও চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.