ETV Bharat / state

Agriculture revolution: গোমধানৰ খেতি কৰি আঢ়ৈ লাখ টকা উপাৰ্জনৰ লক্ষ্য বকলীয়াঘাটৰ দুই আদৰ্শ খেতিয়কৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:27 PM IST

কাৰ্বি ভূমিত কৃষি বিপ্লৱৰ সূচনা ৷ গোমধানৰ খেতি কৰি আঢ়ৈ লাখ টকা উপাৰ্জনৰ লক্ষ্য বকলীয়াঘাটৰ দুই আদৰ্শ খেতিয়কৰ ৷ বকলীয়াঘাট কৃষি উন্নয়ন বিষয়াৰ জৰিয়তে বীজ লাভ কৰি প্ৰথম প্ৰয়াসতেই সফলতা লাভ কৰিবলৈ সক্ষম হয় আদৰ্শ খেতিয়কদ্বয় খয়াছিং তিমুঙ আৰু বীৰেণছিং টেৰণ ৷ এটা ফচলৰ খেতি কৰি বছৰ বছৰ ধৰি এনেই পেলাই ৰখা ভূমিত দুই আদৰ্শ কৃষকে সম্ভৱ কৰি তুলিছে এই কৃষি বিপ্লৱৰ ৷ ৷

Agriculture revolution
বছৰ বছৰ এনেই পেলাই ৰখা কাৰ্বি ভূমিত কৃষি বিপ্লৱৰ সূচনা

ডিফু, ৩০ আগষ্ট: কেৱল এটা ফচলৰ খেতি কৰি বছৰ বছৰ ধৰি এনেই পেলাই ৰখা কাৰ্বি ভূমিত সূচনা হৈছে কৃষি বিপ্লৱৰ ৷ বকলীয়াঘাটৰ দুই আদৰ্শ কৃষকে সম্ভৱ কৰি তুলিছে এই কৃষি বিপ্লৱৰ ৷ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ডুকেংপী অঞ্চলৰ দুই যুৱ খেতিয়কে প্ৰথমবাৰৰ বাবে ৮ বিঘা কৃষি ভূমিত গোমধানৰ খেতি কৰি ২.৫ লাখ টকা উপাৰ্জন লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ বকলীয়াঘাট কৃষি উন্নয়ন বিষয়াৰ জৰিয়তে বীজ লাভ কৰি প্ৰথম প্ৰয়াসতেই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দুই আদৰ্শ খেতিয়ক খয়াছিং তিমুঙ আৰু বীৰেণছিং টেৰণ ৷

দুই আদৰ্শ খেতিয়ক এই সন্দৰ্ভত কয়, পূৰ্বে এই ভূমিত আমি আলু খেতি কৰি বছৰটোত ২.৮০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো ৷ বকলীয়াঘাটৰ এডিঅ' গৰাকীৰ কথাত উৎসাহিত হৈ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাবে আমি ৮ বিঘা মাটিত গোমধানৰ বীজ ৰোপন কৰিছিলো ৷ প্ৰথমবাৰতেই আমি এই বীজৰ পৰা সুন্দৰ ফচল লাভ কৰিবলৈ সক্ষম হোৱাত অতি আনন্দিত হৈ পৰিছো ৷ আজিৰ বজাৰ চাহিদা অনুসৰি এই ফচলৰ পৰা আমি আনুমানিক ২.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হম ৷

ইয়াৰ পিছত ৫০ বিঘা ভূমিত সৰিয়হৰ খেতি কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে খয়াছিং তিমুঙ আৰু বীৰেণছিং টেৰণে ৷ জিলা কৃষি বিভাগৰ লগতে বকলীয়াঘাট কৃষি উন্নয়ন বিষয়া ৰোখেশ্বৰ তিমুঙে তেওঁলোকক বহু সহায় কৰা বুলি সংবাদ মাধ্যমৰ আগত তেওঁলোকে উল্লেখ কৰে ৷ আনহাতে, এডিঅ’ তিমুঙে দুয়োগৰাকী আদৰ্শ কৃষকক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি পূৰ্বে এনে বৃহৎ হাৰত অঞ্চলটোত গোমধানৰ খেতি কৰা হোৱা নাছিল বুলি জানিবলৈ দি এই সাফল্যই দুয়ো গৰাকী কৃষকক আগলৈকো কৃষি কৰ্ম কৰি যাবলৈ উৎসাহ যোগাব বুলি আশা প্ৰকাশ কৰে ৷

আনহাতে, খয়াছিং তিমুঙ আৰু বীৰেণছিং টেৰণে ৫০ বিঘা ভূমিত সৰিয়হৰ খেতি কৰিবলৈ যি পৰিকল্পনা গ্ৰহণ কৰিছে তাৰবাবে কৃষি বিভাগৰ জৰিয়তে বীজ প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহায়-সহযোগিতা কৃষি বিভাগ আৰু বকলীয়াঘাট কৃষি উন্নয়ন বিভাগৰ তৰফৰ পৰা কৰা হ’ব বুলি এডিঅ' গৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Agriculture revolution: এগৰাকী অৱসৰী শিক্ষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.