ETV Bharat / state

স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীক যৌন নিৰ্যাতনৰ অভিযোগ হোমি'অ চিকিৎসকৰ বিৰুদ্ধে - হিলা চিকিৎসক বা নাৰ্ছ নথকাৰ সুযোগ লৈ

বোকাজান সামূহিক চিকিৎসা কেন্দ্ৰত চিকিৎসকে ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উখাপন হৈছে ৷ স্বাস্থ্য পৰীক্ষা নামত ৰোগীৰ গোপন স্থানত স্পৰ্শ কৰাৰ অভিযোগ ৰোগীৰ ৷ বৰ্তমানে আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Woman patient harassed at bokajaan health centre
স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীক যৌন নিৰ্যাতনৰ অভিযোগ হোমি'অ চিকিৎসকৰ বিৰুদ্ধে
author img

By

Published : May 14, 2020, 10:49 AM IST

ডিফু, 14 মে' : যি সময়ত COVID-19 ক প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ প্ৰতিটো সময়তে সষ্টম হৈ পৰিছে সেই সময়তে বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰত এগৰাকী চিকিৎসকে ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উখাপন হৈছে ৷

ৰোগী গৰাকীয়ে জানিব দিয়া অনুসৰি, চিকিৎসাৰ বাবে গৈছিল হোমি'অ বিভাগৰ চিকিৎসক শ্বেখ আলি আহমেদৰ ওচৰত ৷ কিন্তু চিকিৎসালয়খনত কোনো ধৰণৰ মহিলা চিকিৎসক বা নাৰ্ছ নথকাৰ সুযোগ লৈ ৰোগী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নামত যুৱতী গৰাকীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ উখাপন কৰে ৰোগী গৰাকীয়ে ৷

স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীক যৌন নিৰ্যাতনৰ অভিযোগ হোমি'অ চিকিৎসকৰ বিৰুদ্ধে

লগে লগে যুৱতী গৰাকীয়ে চিকিৎসক গৰাকীৰ পৰা পলাই গৈ চিকিৎসালয় খনৰ আন আন স্বাস্থ্য কৰ্মীক উক্ত বিষয়টো অৱগত কৰাৰ পিচতো চিকিৎসালয়খনত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসক শ্বেখ আলি আহমেদক কৰায়ত্ব কৰাৰ লগতে আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.