ETV Bharat / state

বোকাজান আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা - 39 national highway diphu

বৃহস্পতিবাৰে বোকাজানৰ সমীপৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে সুৰা সৰবৰাহ কৰাৰ সময়তে বোকাজানৰ খটখটী আৰক্ষীয়ে অভিযান চলাই এখন এল্ট’ বাহনৰ পৰা জব্দ কৰে অৰুণাচলী সুৰা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাহনখনৰ চালক বিজয় প্ৰতাপ সিঙক আটক কৰাৰ লগতে গুদামত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ৷

Wine from arunachal seized by bokajan police diphu karbi anglong assam etv bharat news
বোকাজান আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰা
author img

By

Published : Jul 9, 2020, 9:37 PM IST

ডিফু,9 জুলাই: লক্ ডাউনৰ মাজতো অপৰাধী চক্ৰই অতি চতুৰালিৰে অব্যাহত ৰাখিছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ ইয়াৰ মাজতে কাৰ্বি আংলঙত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ কৰ ফাঁকিৰে নিতৌ অসমৰ মাজেৰে সৰবৰাহ হৈ থকা উক্ত অবৈধ অৰুণাচলী সুৰাখিনি জব্দ কৰে বোকাজান আৰক্ষীয়ে ৷ নিতৌ ন-ন কৌশল প্ৰয়োগেৰ সুৰা মাফিয়াই নাগালেণ্ডলৈ দীৰ্ঘদিনৰ পৰা সৰবৰাহ কৰি আহিছিল অৰুণাচলী সুৰাসমূহ ৷

বোকাজান আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰা

বৃহস্পতিবাৰে বোকাজানৰ সমীপৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে সুৰা সৰবৰাহ কৰাৰ সময়তে বোকাজানৰ খট-খটী আৰক্ষীয়ে অভিযান চলাই এখন এল্ট’ বাহনৰ পৰা জব্দ কৰে সুৰাখিনি ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাহনখনৰ চালক বিজয় প্ৰতাপ সিঙক আটক কৰাৰ লগতে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লাহৰিজানৰ এটা গুদামৰ পৰা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে অন্য বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ৷

ইতিমধ্যে আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সুৰা ব্যৱসায়ৰ লগতে ছিণ্ডিকেটত জড়িতৰ অভিযোগত গোলাঘাটৰ বৰপথাৰৰ পাৰ্থ, মেৰাপানীৰ যতীন আৰু পাপু নামৰ তিনি সুৰা মাফিয়াৰ লগতে কাৰ্বি আংলঙৰ প্ৰসিদ্ধ সুৰা মাফিয়া কমলজিৎ সিঙক আটক কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ জিলাখনত অপৰাধী চক্ৰৰ প্ৰতিটো কাৰ্যত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বহু কেইজন অপৰাধীক ধাৰাবাহিক অভিযানৰ ভিত্তিত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওকঃ কৰ’ণা সংক্ৰমণৰ হটস্পটলৈ পৰিণত চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.