ডিফু, ২ অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্রীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাত ব্যর্থ হােৱাৰ প্রতিবাদত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণোৱাল আৰু যােগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদ চমুকৈ "উছুকা'ই।
![বকলীয়াঘাটত মুখ্যমন্ত্রী-যােগানমন্ত্রীৰ প্রতিকৃতি দাহ উছুকা'ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:17:59:1601642879_asdiphu02102020usukaprottestagainstpricehike_02102020174021_0210f_1601640621_874.jpg)
সংগঠনটোক সভাপতি - সম্পাদক ক্রমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকাৰ নেতৃত্বত সংগঠনটোৰ নেতা-কর্মীসকলে শুকুৰবাৰে দিনৰ প্রায় এঘাৰ বজাত বকলীয়াঘাট নগৰত প্লে’ কার্ড লৈ প্রতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্রী আৰু যােগান মন্ত্রীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদকাৰী সকলে । এই প্ৰতিবাদী কার্যসূচীত অংশগ্রহণ কৰি উছুকাৰ সভাপতি বিবিচন টেৰণে মূল্যবৃদ্ধি ৰোধ কৰাত প্রদর্শন কৰা ব্যর্থতাৰ বাবে চৰকাৰক কঠোৰ ভাষাৰে সমালােচনা কৰে । প্রতিবাদকাৰীসকলে লগতে 'ছাত্র ঐক্য জিন্দাবাদ, 'সংগ্রামী ঐক্য জিন্দাবাদ, ‘মূল্যবৃদ্ধি ৰোধ কৰক, সর্বানন্দ সোণোৱাল গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তােলে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক : বানত ক্ষতিগ্ৰস্ত ৰঙিয়াৰ চিৰাখুন্দিৰ কৃষক সমাজ