ডিফু, ২ মার্চ : মঙলবাৰে বিয়লি ডিফু ৰেল ষ্টেচনত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয়। ডিফু ৰেল ষ্টেচনৰ গাড়ী পার্কিঙত উদ্ধাৰ হােৱা মৃত ব্যক্তিজনৰ বয়স ৩০ৰ পৰা ৩৫ বছৰ বুলি অনুমান কৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰি ডিফু ৰেল ষ্টেচনৰ ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ লগতে মৰণােত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা ডিফু মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে ৷