ETV Bharat / state

কাৰ্বি আংলঙৰ খটখটীত পিষ্টলসহ গ্ৰেপ্তাৰ 2 যুৱক

author img

By

Published : Apr 3, 2021, 8:33 PM IST

কাৰ্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ ছানডে মাৰ্কেটত অস্ত্ৰ-শস্ত্ৰ সহ আটক দুই যুৱক ৷ যুৱক দুজনৰ পৰা এটা পইন্ট ২২ পিষ্টল আৰু মেগজিনসহ তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

TWO YOUTHS ARRESTed WITH ARMs & AMMUNATIONS
কাৰ্বি আংলঙৰ খটখটীত পিষ্টলসহ গ্ৰেপ্তাৰ 2 যুৱক

ডিফু, 3 এপ্ৰিল : কাৰ্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ ছানডে মাৰ্কেটত শুকুৰবাৰে অস্ত্ৰ-শস্ত্ৰ সহ দুই যুৱক আটক হোৱাৰ পিছত পুনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ দুজন নগা যুৱকক গ্ৰেপ্তাৰ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত বালিজান খান বস্তিত এক তালাচী অভিযান চলায় । আৰক্ষীৰ তালাচী অভিযান চলি থকা অৱস্থাতে বিয়লি প্ৰায় ৪.৩০ বজাত এনএল-০৭-এফ-৩৭৯২ নম্বৰৰ এখন অট’ৰিক্সাৰ পৰা এটা পইন্ট ২২ পিষ্টল আৰু মেগজিনসহ তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

গ্ৰেপ্তাৰ হোৱা যুৱক দুজন ক্ৰমে বাহনখনৰ চালক তথা ডিমাপুৰ পুৰণা বজাৰৰ কিভিক’ চিশ্বি (২৬) আৰু নাগালেণ্ডৰ জুনহেবোটোৰ খুকিশ্বে নিবাসী কিভিক’ য়াপ্ট’ । সম্প্ৰতি আৰক্ষীয়ে যুৱক দুজনক সোধপোছ চলাই তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মামাই বুলেট দিলে, মই চাৰিচকীয়া বাহন দিম:কোনে দিলে এই অ'ফাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.