ETV Bharat / state

চুৰি স্ক'ৰপিঅ' সহ মাঞ্জা আৰক্ষীৰ জালত দুই চোৰ - Manja police apprehanded two thieves with stolen car

মাঞ্জা আৰক্ষীৰ জালত পৰিল চুৰি স্ক'ৰপিঅ' সহ মণিপুৰৰ দুই গভাইত চোৰ ৷ চুৰি গাড়ীখন হাৰিয়ানাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ দিল্লীৰ পৰা গাড়ীখন চুৰি কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা আছিল ধৃত চোৰ দুটাৰ ৷ ঘটনা সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 379/411/468 ধাৰাত 32/20 নম্বৰত এক গোচৰ ৰুজু ৷

চুৰি স্ক'ৰপিঅ" সহ মাঞ্জা আৰক্ষীৰ জালত দুই চোৰ

author img

By

Published : Sep 19, 2020, 4:44 PM IST

কাৰ্বি আংলং, 19 চেপ্তেম্বৰ: চুৰি স্ক'ৰপিঅ' সহ পুনৰ মাঞ্জা আৰক্ষীৰ জালত পৰিল মণিপুৰৰ দুই গভাইত চোৰ ৷ শুকুৰবাৰে নিশা মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা- ডিমাপুৰ পথত তালাচী চলাই থকা অৱস্থাতে ডিমাপুৰ অভিমুখে গৈ থকা এইচ আৰ 83 6009 বগা ৰঙৰ স্কৰপিঅ' এচ 11 গাড়ীখন সন্দেহবশত: ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ তালাচী প্ৰক্ৰিয়াত গাড়ীৰ প্ৰকৃত ইঞ্জিন নম্বৰৰ সৈতে চালকে প্ৰদৰ্শন কৰা নথিৰ সৈতে কোনো মিল নথকাৰ কথা পোহৰলৈ আহে ৷

চুৰি কৰি অনা স্কৰপিঅ' বাহনখন
চুৰি কৰি অনা স্কৰপিঅ' বাহনখন

চুৰি গাড়ীখন হাৰিয়ানাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ধৃত চোৰ দুটাই দিল্লীৰ পৰা গাড়ীখন চুৰি কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ ধৃত চোৰ দুটা ক্ৰমে,মণিপুৰৰ থাউবাল জিলাৰ কাকচিং থানা এলেকাৰ ফুন্দ্ৰাই খংজা গাঁৱৰ ইছা ছাহৰ পুত্ৰ মঃ হানিফ ছাহ আৰু মণিপুৰৰ বিঞ্চুপুৰ জিলাৰ মৈৰাং থানা এলেকাৰ ক্বাকটা খুমান গাঁৱৰ জয়া খানৰ পুত্ৰ ওৱাছিম খান বুলি চিনাক্ত ৷

ঘটনা সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 379/411/468 ধাৰাত 32/20 নম্বৰত এক গোচৰ ৰুজু কৰি ধৃত চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে মাঞ্জা- ডিমাপুৰ পথেৰে মণিপুৰৰ অপৰাধী চক্ৰই চুৰি গাড়ীৰ পৰা আৰম্ভ কৰি নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও মাঞ্জা, ডিলাই আৰু খটখটী আৰক্ষীয়ে কৌশলী পন্থা অৱলম্বন কৰাৰ বাবে বহু কেইটা অপৰাধী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷
লগতে পঢ়ক: বাক্সাত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.