ডিফু, 13 নৱেম্বৰঃ সোণৰ বিস্কুটসহ দুজনক আটক আৰক্ষীৰ ৷ ডাইৰেক্টৰেট অফ্ ৰেভিনিউ ইণ্টেলিজেন্স (ডি.আৰ.আই) আৰু মাঞ্জা আৰক্ষীৰ সহযোগত আটক হয় প্ৰায় 18 কিল'গ্ৰাম সোণসহ দুজন লোক ৷ মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে এ.এচ 01 বি.এচ-3330 পঞ্জীয়ন নম্বৰৰ এখন ইক' স্পৰ্টছ বাহনেৰে গৈ থকা অৱস্থাত দুজন লোকক সোণৰ বিস্কুট সহ আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক দুজন ক্ৰমে, মণিপুৰৰ থ'বেল জিলাৰ তাৰি মনচুৰ আৰু ইকবাল হুছেইন বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷ বৰ্তমান আটকাধীন লোক দুজনক ডি.আৰ.আইৰ জিম্মাত ৰখা হৈছে ৷
আৰু পঢ়কঃ হিতেশ দেৱ শৰ্মাক NRCৰ মুখ্য সমন্বয়ক হিচাপে মানি ল'ব পৰা নাই সাংসদ আব্দুল খালেকে !!