ডিফু, ২৪ এপ্ৰিলঃ লক ডাউনৰ মাজতে আজি কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চল ধনশিৰিত সেনা-আৰক্ষীৰে মুখামুখি সংঘৰ্ষত ডিএনএলএৰ দুই দুৰ্ধৰ্ষ কেডাৰ নিহত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ৫ৰ পৰা ৫-৩০ বজালৈ ডিফু থানাৰ অন্তৰ্গত মুগুলাবদিছা ৰিজাৰ্ভত সন্দেহযুক্ত উগ্ৰপন্থী দলটোৰে সংঘৰ্ষৰ হয় ৷ সংঘৰ্ষ কালত সেনা-আৰক্ষী আৰু উগ্ৰপন্থী সদস্যদ্বয়ৰ মাজত প্ৰায় ২০ মিনিট সময় প্ৰচণ্ড গুলিয়াগুলি হয় আৰু শেষত অভিযানকাৰী দলটোৰ গুলীত দুটা উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷ ঘটনাস্থলীৰ পৰা সেনা-আৰক্ষীৰ দলে এটা M4 ৰাইফল,160 জাঁই সজীৱ গুলী আৰু এটা AK 56 ৰাইফল 44 জাঁই সজীৱ গুলী,দুটা মেগজিন দুটা মবাইল ফোন,দুটা ৰাকচেক বেগ আৰু দুটা গুলীৰ পাউচ উদ্ধাৰ কৰে ৷ সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে,লেফটেনেন্ট গেদেইন ওৰফে ৰূপচন থাউচেন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন জিগদুঙ ওৰফে কিমজুং বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত কাৰ্বি আংলং আৰক্ষীৰ উচ্চস্তৰীয় বিষয়া উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে চাওকঃ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ খাদ্য সামগ্ৰী বিতৰণ
কাৰ্বি আংলঙত দুই ডি এন এল এ কেডাৰ নিহতঃ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - DNLA militants
বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীৰে মুখামুখি সংঘৰ্ষত দুই ডিএনএলএ কেডাৰ নিহত হয় কাৰ্বি আংলঙত ৷ নিহত উগ্ৰপন্থী কেইজনৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ ৷