ETV Bharat / state

Diphu town lake recreation: ডিফু টাউন লেক'ৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন - মুখ্য কাৰ্যবাহী সদস্য

ডিফু চহৰখনক সুন্দৰকৈ গঢ়ি তুলিবলৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখোজ আগুৱাই গৈ এইবাৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্ক তথা ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু লেক'ৰ উন্নীতকৰণৰ মানসেৰে অত্যাধুনিক সা-সুবিধা থকা লেক'ৰ আধাৰশিলা স্থাপন কৰে (Development of diphu town lake for recreation) ৷

Tuliram Ronghang laid foundation stone for Development of diphu town lake for recreation
ডিফু টাউন লেক'ৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰিলে তুলিৰাম ৰংহাঙে
author img

By

Published : Oct 16, 2022, 7:47 PM IST

ডিফু, ১৬ অক্টোবৰ: ডিফু চহৰৰ মাজেৰে বৈ যোৱা ডিফু নৈৰ সৌন্দৰ্যবৰ্ধন কামৰ পিছতেই এইবাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (Chief Executive Member Tuliram Ronghang) ডিফু চহৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আন এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ৷

ডিফু টাউন লেক'ৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰিলে তুলিৰাম ৰংহাঙে

ডিফু চহৰখনক সুন্দৰকৈ গঢ়ি তুলিবলৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখোজ আগুৱাই গৈ এইবাৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্ক তথা ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু লেক'ৰ উন্নীতকৰণৰ মানসেৰে অত্যাধুনিক সা-সুবিধা থকা লেক'ৰ আধাৰশিলা স্থাপন কৰে (Development of diphu town lake for recreation) ৷

এই উপলক্ষে আজি যথা ৰীতি-নীতিৰে লেকটোৰ বাবে ভূমি পূজনো সম্পন্ন কৰা হয় ৷ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰি কয় যে, এম অ'এছৰ অন্তৰ্গত বিশেষ পুঁজিৰ জৰিয়তে ১৬ কোটি টকা ব্যয় সাপেক্ষে আজি ডিফু চহৰৰ মাজত অত্যাধুনিক সা-সুবিধাৰ লেকখন উন্নীত কৰিবলৈ ভূমি পূজন সম্পন্ন কৰি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷ ইয়াৰ মেৰামতিৰ কাম এবছৰৰ ভিতৰতে সম্পন্ন কৰা হ’ব বুলিও জনায় তেওঁ ৷ আনহাতে এই লেক'ত ব'টিং, কেফেটেৰিয়া, কটেজ, গাৰ্ডেন আদিৰ দৰে উন্নত ব্যৱস্থাও উপলব্ধ থাকিব বুলি কয় ড৹ তুলিৰাম ৰংহাঙে ৷

এই আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় বিধায়ক, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ (Karbi anglong autonomous council), কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য তথা সদস্যাসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে এখন মনোমোহা সৰু পাহাৰীয়া চহৰ হৈছে ডিফু (Charming little hill town Diphu) ৷ ধুনীয়া ৰোলিং পাহাৰৰ পটভূমিত ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্য তথা খেতি পথাৰসমূহেৰে আৱৰি ধৰা এক মনোমোহা ঠাই হৈছে ডিফু ৷ সেয়েহে এই চহৰখনক আৰু উন্নত কৰিবলৈ এই পদক্ষেপ হাতত লৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৷

লগতে পঢ়ক: CEM of KAAC: ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.