ETV Bharat / state

Tuliram Ronghang feliciated: ডক্টৰেট ডিগ্ৰী লাভ কৰা তুলিৰাম ৰংহাঙক সম্বৰ্ধনা - কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

কাৰ্বি আংলঙৰ উন্নয়নমূলক কামৰ বাবে ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটি ফ’ৰ পীচ এণ্ড এড্যুকেশ্যন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক (KAAC chief Tuliram Ronghang) ৷ যাৰ বাবে 2022 বৰ্ষৰ প্ৰথমটো দিনটোত অসম সাহিত্য সভাৰ সৌজন্যত ডিফুৰ ৰাংছিনা ভৱনত ড৹ তুলিৰাম ৰংহাঙক সম্বৰ্ধনা (Tuliram Ronghang feliciated by Asam Sahitya Sabha) জনোৱা হয় ৷

Tuliram Ronghang feliciated by rangsina bhawan
ডক্টৰেট ডিগ্ৰী লাভ কৰা তুলিৰাম ৰংহাঙক সম্বৰ্ধনা
author img

By

Published : Jan 2, 2022, 6:25 PM IST

ডিফু, 2 জানুৱাৰী : ২০২০ বৰ্ষৰ শেষৰ ফালে ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটি ফ’ৰ পীচ এণ্ড এড্যুকেশ্যন বিশ্ববিদ্যালয়ে (Bharat Virtual University for Peach and Education) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক (KAAC chief Tuliram Ronghang) কাৰ্বি আংলঙত উন্নয়নমূলক কামৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা কৰিছিল ৷ এই ডিগ্ৰী লাভ কৰাৰ পাচতেই জিলাখনৰ বিভিন্ন দল-সংগঠনে ড৹ তুলিৰাম ৰংহাঙক ধাৰাবাহিক সম্বৰ্ধনা জনাই আহিছে ৷

তুলিৰাম ৰংহাঙক উক্ত সন্মানৰ স্বীকৃতি স্বৰূপে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই অসম সাহিত্য সভাৰ সৌজন্যত ৰাংছিনা ভৱনত সম্বৰ্ধনা (Tuliram Ronghang feliciated by Asam Sahitya Sabha) জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এক সভাৰ ৷ শনিবাৰে ডিফু ৰাংছিনা ভৱনত আয়োজন কৰা এই সভাত সাহিত্য জগতৰ সুধী আৰু ৰাংছিনা ভৱনৰ বিষয়া কৰ্মী সকলে ড৹ তুলিৰাম ৰংহাঙক উক্ত সন্মান বাবে উষ্ম আদৰণি জনায় ৷

Tuliram Ronghang feliciated by rangsina bhawan
ডক্টৰেট ডিগ্ৰী লাভ কৰা তুলিৰাম ৰংহাঙক সম্বৰ্ধনা

এই সভাৰ আঁত ধৰে ৰাংছিনা ভৱনৰ সম্পাদক জয়ছিং টকবিয়ে ৷ এই গাম্ভীৰ্যপূৰ্ণ সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক এখনি প্ৰশস্তি পত্ৰ, শৰাই, জাপি, কাৰ্বি জেকেট, চেলেং আৰ পহ'ৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰোপৰি অসম সাহিত্য সভাৰ ডিফু আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে, অজিত চিংনাৰ আৰু প্ৰফুল্ল চন্দ্ৰ মহন্তয়ো ড৹ তুলিৰাম ৰংহাঙত সম্বৰ্ধনা জনোৱাৰ লগতে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰে ৷

অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) পৰা সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত ড৹ তুলিৰাম ৰংহাঙে কয় যে, ৰাংছিনা ভৱনৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ বহু আনন্দিত হৈছে ৷ জিলাখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম বিকাশেই হৈছে তেওঁৰ লক্ষ্য ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোক সকলৰ লগতে সাংসদ, বিধায়ক, পৰিষদৰ কাৰ্যবাহী সদস্য তথা গোটেই দলটোক লগত লৈ এক টীম কাৰ্বি আংলং হিচাপে উন্নয়নমূলক কাম কৰিব ৷ লগতে পিছপৰা অঞ্চলসমূহত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবেও তেওঁ কাম কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক : পহিলা জানুৱাৰীত কাৰ্বি আংলঙত উন্মোচিত হ’ল বহুকেইখন আঁচনিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.