ETV Bharat / state

খটখটিত উদ্ধাৰ চাহপাত ভৰ্তি চুৰি ট্ৰাক - নাগালেণ্ড

খটখটী আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ চক্ৰ ৷ চাহপাত ভৰ্তি চুৰি ট্ৰাক উদ্ধাৰ ৷ চালক-হেণ্ডিমেনসহ 8 জনক আটক ৷

খটখটিত চাহপাত ভৰ্তি চুৰি ট্ৰাক উদ্ধাৰ
author img

By

Published : Jun 18, 2019, 5:38 AM IST

ডিফু,18 জুনঃ খটখটী আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ চক্ৰ ৷ সোমবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়াৰ পৰা চুৰি হোৱা WB-19G-7465 নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাণ্ডৰ লগত জড়িত 8 জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়াৰ পৰা চাহপাত ভৰ্তি ট্ৰাকখন গুৱাহাটীলৈ যাব লাগিছিল যদিও গাড়ীখনৰ চালক-হেণ্ডিমেনৰ সহযোগত গুৱাহাটীৰ পৰিৱৰ্তে গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগালেণ্ডৰ ডিমাপুৰলৈ হাইজেক কৰা হৈছিল ট্ৰাকখন ।

etv
খটখটিত চাহপাত ভৰ্তি চুৰি ট্ৰাক উদ্ধাৰ

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি খটখটি আৰক্ষীয়ে চালক-হেণ্ডিমেনসহ আটক কৰা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে চালক গোলাঘাট জিলাৰ বিশ্বকৰ্মা (30), গাড়ীখনৰ হেণ্ডিমেন কাৰ্বি আংলং জিলাৰ সুমন ছেত্ৰী (25), মণিপুৰৰ সেনাপতি জিলাৰ গিলবাৰ্ট পাও (36), কাৰ্বি আংলং জিলাৰ সোবুধ যাদৱ (37), নগালেণ্ডৰ ডিমাপুৰ জিলাৰ ক্ৰমে ৰাণা চৌধুৰী (35), বিকি দেৱ (39), কিৱী কিহ' (29), কাৰ্বি আংলং জিলাৰ স্বৰূপ চাহানীক (49) ৷

উল্লেখ্য যে,গাড়ীখনত জিপিএছ ব্যৱস্থা থকা বাবেই সহজে গাড়ীচোৰ চক্ৰটো আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে ৷ উক্ত চোৰৰ দলটোৱে সামগ্ৰী ভৰ্তি ট্ৰাকখন হাইজেক কৰি ডিমাপুৰত বিক্ৰীৰ পৰিকল্পনা কৰি থাকোতেই খটখটি আৰক্ষীৰ জালত পৰে । ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যহত ৰাখিছে ৷

Intro:খটখটিত চাহপাত ভৰ্তি চুৰি ট্ৰাক উদ্ধাৰঃ চালক-হেণ্ডিমেনসহ আটক ৮

ডিফু,,১৭ আজি খটখটী আৰক্ষীৰ জালত পৰিল এক দুৰ্দৰ্ষ গাড়ী চোৰ চক্ৰ৷ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই দেশৰ বিভিন্ন ঠাইৰ পৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ৷ বৃহৎ গাড়ী চুৰি চক্ৰটোৱে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰ পৰা দুচকীয়া, চাৰিচকীয়া তথা ছয়চকীয়া বাহন সমূহ চুৰি কৰি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আনি সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত থকা চুৰি গাড়ী কিনা ঘাটিত সূলভ মূল্যত গাড়ীসমূহ বিক্ৰী কৰে ৷ আজি অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীয়ে অভিযান চলাই এখন চুৰি ট্ৰাক উদ্ধাৰ কৰা ঘটনাই এলেকাটো গাড়ী চোৰ চক্ৰৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰাটো প্ৰমাণ কৰিছে ৷অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত আজি খটখটি আৰক্ষীয়ে এক অভিযান চলাই তিনিচুকীয়াৰ পৰা চুৰি হোৱা *ডব্লিউ বি-১৯ জি-৭৪৬৫* নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাণ্ডৰ লগত জড়িত ৮ গৰাকীকৈ ব্যক্তিকো খটখটি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়াৰ পৰা চাহপাত ভৰ্তি ট্ৰাকখন গুৱাহাটীলৈ যাব লাগিছিল যদিও গাড়ীখনৰ চালক-হেণ্ডিমেনৰ সহযোগত গুৱাহাটীৰ পৰিৱৰ্তে গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগালেণ্ডৰ ডিমাপুৰলৈ হাইজেক কৰা হৈছিল ট্ৰাকখন। বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি খটখটি আৰক্ষীয়ে চালক-হেণ্ডিমেনসহ আটক কৰা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে গাড়ীখনৰ চালক গোলাঘাট জিলাৰ ওৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত নগা আলি অঞ্চলৰ বাসিন্দা প্ৰয়াত মুন বাহাদুৰ বিশ্বকৰ্মাৰ পুত্ৰ তিলক বিশ্বকৰ্মা (৩০), গাড়ীখনৰ হেণ্ডিমেন কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খুটি বস্তি আঞ্চলৰ বাসিন্দা লাল বাহাদুৰ ছেত্ৰীৰ পুত্ৰ সুমন ছেত্ৰী (২৫), মণিপুৰৰ সেনাপতি জিলাৰ টাডুবি আৰক্ষী থানাৰ অন্তৰ্গত মাইবা গাঁৱৰ বাসিন্দা ইউলী পাওৰ পুত্ৰ গিলবাৰ্ট পাও (৩৬), কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটি আৰক্ষী চেক গেট অঞ্চলৰ বাসিন্দা হিৰালাল যাদবৰ পুত্ৰ সোবুধ যাদৱ (৩৭), নগালেণ্ডৰ ডিমাপুৰ জিলাৰ পূব ডিমাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিটি টাৱাৰ অঞ্চলৰ বাসিন্দা নেপাল চন্দ্ৰ চৌধুৰীৰ পুত্ৰ ৰাণা চৌধুৰী (৩৫), নগালেণ্ডৰ ডিমাপুৰ জিলাৰ পূৱ ডিমাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণাবজাৰ অঞ্চলৰ বাসিন্দা বিবাচ দেবৰ পুত্ৰ বিকি দেব (৩৯), নগালেণ্ডৰ ডিমাপুৰ জিলাৰ চাব-আৰৱান আৰক্ষী থানাৰ অন্তৰ্গত চিগনেল বস্তিৰ বাসিন্দা ফুট'বি কিহ'ৰ পুত্ৰ কিৱী কিহ' (২৯), কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটি আৰক্ষী চেক গেট অঞ্চলৰ বাসিন্দা প্ৰয়াত চিতাৰাম চাহানীৰ পুত্ৰ স্বৰূপ চাহানী (৪৯) ৷ উল্লেখ্য যে উক্ত দলটোৱে সামগ্ৰী ভৰ্তি ট্ৰাকখন হাইজেক কৰি ডিমাপুৰত বিক্ৰীৰ পৰিকল্পনা কৰি থাকোতেই খটখটি আৰক্ষীৰ জালত পৰে। ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যহত ৰাখিছে ৷ উল্লেখযোগ্যযে গাড়ীখনত জিপিএছ ব্যৱস্থা থকা বাবেই সহজে গাড়ীচোৰ চক্ৰটো আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম ,ডিফুBody:***********Conclusion:*******************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.