ETV Bharat / state

Dima Hasao fake PRC case: ডিমা হাছাওত তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 10, 2022, 10:53 PM IST

ডিমা হাছাও জিলাত স্থায়ী বাসস্থান প্ৰমাণপত্ৰ চমুকৈ পিআৰচি জালিয়াতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে (Fake PRC case in Dima Hasao)। এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে(Trinamool Congress reacts on Fake PRC case) ৷ এনে জালিয়াতিৰ ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তৃণমূল কংগ্ৰেছৰ ৷

trinamool-congress-reacts-on-fake-prc-case-of-dima-hasao
Dima Hasao fake PRC case: ডিমা হাছাওত তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

ডিমা হাছাও 10 জুন: কিছুদিন পূৰ্বে ডিমা হাছাওত সংঘটিত হৈছিল স্থায়ী বাসস্থান প্ৰমাণপত্ৰ চমুকৈ পিআৰচিৰ জালিয়াতিৰ ঘটনা (Fake PRC case in Dima Hasao) । একাংশ দুষ্টচক্ৰই জিলাখনত নকল পিআৰচিৰে পেলাইছে ভয়ংকৰ জাল (Miscreants issue fake PRC in Dima Hasao)। এই তথ্য পোহৰলৈ অহাৰ পাছতে সষ্টম হৈ পৰিছে ডিমা হাছাও জিলা প্ৰশাসন । যাৰবাবে সকলো লোকৰে পিআৰচি পৰীক্ষা কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ডিমা হাছাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগে (PRC will be checked in Dima Hasao)।

ইফালে, এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিচতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে । বৃহস্পতিবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ আহ্বায়ক আচিং জেমিয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে, ডিমা হাছাও জিলাত পিআৰচিৰ জালিয়াতি সংঘটিত হোৱাৰ যি তথ্য পোহৰলৈ আহিছে ইয়াৰ আমি তীব্ৰ নিন্দা কৰিছো । এনে ধৰণৰ জালিয়াতিৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

ইয়াৰ পূৰ্বেও ডিমা হাছাও জিলাত এনে চাৰ্টিফিকেট জালিয়াতি কাৰ্য সংঘটিত হৈছে বুলি মন্তব্য কৰি তৃণমূল কংগ্ৰেছৰ আহ্বায়ক আচিং জেমিয়ে কয়, ইয়াৰ বিৰুদ্ধে প্ৰশাসনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত । কিন্তু ইয়াৰ বাবে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা উচিত নহয় ।

লগতে তেওঁ কয়, পিআৰচিৰ ভয়ংকৰ জালিয়াতি পোহৰলৈ অহাৰ পিচতে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ সচিব দেৱানন দাওলাগাপুয়ে বিগত 8 জুনত যি নিৰ্দেশনা জাৰি কৰিছিল যে এমাহৰ ভিতৰত ডিমা হাছাও জিলাত যিসকল লোকৰ হাতত পিআৰচি আছে সেয়া পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগৰ ওচৰতে জমা দিব লাগিব । এই সময়ৰ পৰা এমাহৰ ভিতৰত অৰ্থাৎ 9 জুলাইলৈকে যদি কোনো ব্যক্তিয়ে পিআৰচি জমা দিয়াত ব্যৰ্থ হয় তেনেহ'লে 9 জুলাইৰ পৰা এই ব্যক্তিজনৰ পিআৰচি বাতিল বুলি গণ্য কৰা হ'ব ।

পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগৰ এই নিৰ্দেশক তৃণমূল কংগ্ৰেছে বিৰোধিতা কৰা বুলি উল্লেখ কৰি আচিং জেমিয়ে কয়, সম্প্ৰতিকালত ডিমা হাছাও জিলা প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰাৰ বাবে বহু লোকৰ ঘৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয় যাৰ বাবে বহুলোক গৃহহীন হৈ এতিয়া আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে । ভূমিস্খলন আৰু বানৰ ফলত জিলাখনৰ বাটপথ বিধ্বস্ত হৈ পৰে বহু গাঁৱৰ বাটপথ এতিয়া বন্ধ হৈ থকা এই অৱস্থাত এমাহৰ ভিতৰত পিআৰচি জমা দিবলৈ বহুলোক ব্যৰ্থ হোৱাৰ লগতে সমস্যাত পৰিব যাৰ বাবে এই নিৰ্দেশনা বাতিল কৰিব লাগে বুলি পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগৰ সচিব দেৱানন দাওলাগাপুক আহ্বান জনায় তৃণমূল কংগ্ৰেছে ।

আনহাতে, তৃণমূল কংগ্ৰেছৰ নেতা সেতমিন থাং খংচাইয়ে সংবাদমেলযোগে কয় যে, আমি পিআৰচি পৰীক্ষাৰ বিৰোধিতা কৰা নাই কিন্তু এতিয়া মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল প্ৰকাশিত হৈছে বৰ্তমানে মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ স্কুল কলেজত এতিয়া নামভৰ্তিৰ প্ৰক্ৰিয়া চলিয়া আছে আৰু ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পিআৰচিৰ প্ৰয়োজন হ'ব তেনে অৱস্থাত এতিয়া পিআৰচি জমা দিয়াৰ পিচত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন । যাৰ বাবে এই নিৰ্দেশনা অনতিপলমে বাতিল কৰাৰ লগতে পিআৰচি পৰীক্ষাৰ বাবে সময়সীমা বৃদ্ধি কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷ লগতে চাৰ্টিফিকেট জালিয়াতি বন্ধ কৰিবলৈ হ'লে ডিজিটেল পদ্ধতিত পৰীক্ষা কৰোৱাৰ লগতে এই পিআৰচি সকলোতে বাৰ কোড দিয়াৰ ব্যৱস্থা কৰিলে এনেধৰণৰ জালিয়াতি ৰোধ কৰা সম্ভৱ হ'ব বুলি মন্তব্য কৰে চেতমিনথাং খংচাইয়ে ৷

লগতে পঢ়ক : Dima Hasao fake PRC case : ডিমা হাছাও জিলাত ভয়ংকৰ পিআৰচি জালিয়াতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.