ডিফু, ২৭ জানুৱাৰী: কাৰ্বি আংলঙত পৰিহাৰ কৰা হ’ল জাতীয় উৎসৱ 'বুচু ডিমা’ (Giving up Busudima festival in Karbi Anglong) ৷ ইয়াৰ পৰিবৰ্তে অনুষ্ঠিত কৰা হ’ল শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ অশ্ৰুসিক্ত নয়নেৰে ডিমাছাসকলে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে এগৰাকী প্ৰিয় নেতাক ৷
'বুচু ডিমা' ডিমাছাসকলৰ জাতীয় উৎসৱ ৷ প্ৰতি বছৰৰ ২৭ ডিচেম্বৰত উলহ মালহেৰে এই কৃষিভিত্তিক উৎসৱটি পালন কৰি অহা হৈছে ৷ উৎসৱটি আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বৰে পৰা এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে কাৰ্বি আংলং জিলাৰ ডিমাছা অধ্যুসিত অঞ্চল ধনশিৰিত ৷ কৃষি ভিত্তিক এই হেপাঁহৰ উৎসৱটিত পৰম্পৰাগত ৰীতি-নীতি সমাপন কৰি নৃত্য-গীতৰ মাজেৰে উছৱৰ আনন্দ লোৱা হয় । গাঁওবাসীয়ে লগে-ভাগে এসাঁজ খোৱাৰ নিয়ম এই উছৱত । প্ৰতি বছৰৰ ২৭ জানুৱাৰীত জনগোষ্ঠীটোৱে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি এই উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে যদিও এইবাৰ কাৰ্বি আংলঙৰ ধনশিৰি অঞ্চলত দেখা নগ'ল উৎসৱটিৰ আনন্দ । ইয়াৰ পৰিৱৰ্তে ধনশিৰিৰ শিৱনগৰৰ ৰাইজে শিৱনগৰৰ ৰাজহুৱা খেলপথাৰৰ দাঁতিত সমবেত হৈ গাঁওবাসীৰ লগতে অঞ্চলটোৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশেষ নেতাক ।
সমগ্ৰ ধনশিৰিবাসীৰে বুকুৰ কুটুম এইগৰাকী বিশেষ নেতাৰ নাম অমিত নুনিছা (Former DHD leader Amit Nunisa) । বিগত বৰ্ষৰ উছৱৰ এই বিশেষ দিনটোৰ নিশাৰ কাৰ্যসূচীত অংশ লোৱা সময়তে অচিন ঘাটকৰ গুলীৰ আঘাতত অঞ্চলবাসীক কন্দুৱাই চিৰদিনলৈ আঁতৰি গৈছিল জনপ্ৰিয় নেতাগৰাকী । ডিমা হালিম ডাউগা (DHD)ৰ প্ৰাক্তন নেতাগৰাকীৰ সৈতে দুৰ্বৃত্তৰ গুলীয়াগুলীত নিহত হৈছিল স্থানীয় এগৰাকী মহিলাও । বৃহস্পতিবাৰে উছৱৰ আনন্দ পৰিহাৰ কৰি তেওঁলোকৰ প্ৰথম মৃত্যু বাৰ্ষিকীত দুয়োকে গভীৰ শ্ৰদ্ধাঞ্জলি জনায় অঞ্চলবাসীয়ে । নেতাগৰাকীৰ প্ৰতি থকা ধনশিৰিবাসীৰ অসীম শ্ৰদ্ধা আৰু চেনেহ সকলোৰে বাবে আদৰ্শ হৈ থাকিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: BTR Peace Accord : ক’ভিড প্ৰটক’ল অনুযায়ী উদযাপন বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি