ETV Bharat / state

বকলীয়াঘাটত বুজন পৰিমাণৰ মূল্যৱান কাঠ জব্দ ! - কাৰ্বি আংলং

লক্ ডাউনৰ মাজতো অব্যাহত আছে বন মাফিয়াৰ দৌৰাত্ম ৷ এফালৰ পৰা তহিলং কৰিছে সেউজীয়া বনভূমি ৷ কাৰ্বি আংলঙত লুকুৱাই ৰখা অৱস্থাত জব্দ হৈছে বুজন পৰিমাণৰ মূল্যবান কাঠ ৷

timber seized
timber seized
author img

By

Published : Jun 1, 2020, 4:28 AM IST

ডিফু, ৩১মে' : লক্ ডাউনৰ বাধ্য বাধকতাৰ মাজতো কাৰ্বি আংলঙৰ পাহাৰত বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে একাংশ সমাজ বিৰোধী চক্ৰই ৷ নিয়মীয়াকৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ পাহাৰত চোৰাংকৈ কাঠ সৰবৰাহ কৰি আহিছে ৷ শনিবাৰে চোৰাং কাঠ সৰবৰাহৰ অপচেষ্টা চলোৱাৰ সময়তে বনবিভাগে অভিযান চলাই বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

timber seized
চোৰাং কাঠ জব্দ

এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ উত্তৰ সংমণ্ডলৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে কাৰ্বি আংলং-হোজাই সীমান্তত অভিযান চলায় ৷ অঞ্চলটোৰ আমবাৰী, চৌধুৰী ব্লকত অভিযান চলাই লুকুৱাই ৰখা অৱস্থাৰ পৰা বিভিন্ন প্ৰজাতিৰ মুঠ ২০ ছেফটি মূল্যৱান কাঠ জব্দ কৰে ৷ জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কমেও ২০ হাজাৰ টকা বুলি বিভাগীয় সূত্ৰই সদৰি কৰিছে ৷

লগতে পঢ়ক : মৰিয়নী কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.