ডিফু,২১ এপ্ৰিল: কাৰ্বি আংলং জিলাৰ ডিফুত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বুধবাৰে পুৱা প্ৰায় ১১.৩০ মান বজাত ডিফু চহৰৰ নিকটৱৰ্তী ডিফু-মাঞ্জা পথৰ বিৰলাৰ ওচৰত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এএমএ ৭০১৭ পঞ্জীয়নকৃত এখন ট্ৰাক ভুল দিশেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই বিৰলাত থকা এখন গেলামালৰ বিপণীৰ ওচৰত ৰখোৱা মটৰ চাইকেল আৰু দুজন আৰোহীক প্ৰথমে খুন্দিয়ায় ৷ ইয়াৰ পিছতে মাঞ্জা দিশৰ পৰা আহি থকা আন এখন যাত্ৰীবাহী অট'ৰিক্সাক খুন্দিয়াই চূৰ্ণ-বিচূৰ্ণ কৰে ৷
উক্ত দুৰ্ঘটনাৰ ফলত অট'চালক সুভাষ মালাকাৰ(৩৫) থিতাতে নিহত হয় ৷ ইফালে তাৎক্ষণিকভাৱে মটৰ চাইকেল আৰোহী দিপু টকবী (২০) আৰু গোবিন্দ ব্ৰহ্ম (২৫) সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে দুয়োৱে মৃত্যুক সাৱটি হয় ৷
![TERRIBLE ROAD MISHAP AT DIPHU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu21042021terribleroadmishapatdiphu_21042021151158_2104f_1618998118_436.jpg)
আনহাতে, এই ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজনে পলায়ন কৰে ৷ ঘটনাৰ সম্ভেদ লাভ কৰি কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথসহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় ৷ ইতিমধ্যে অভিযান চলাই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: নগাঁৱৰ দুগৰাকী ছাত্ৰ কৰ'ণাত আক্ৰান্ত