ডিফু, 30এপ্ৰিল: অসম-নাগালেণ্ড সীমান্ত অঞ্চলৰ লাহৰিজানত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে ৰাতিপুৱা গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত 331 গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযানত AS-01-EC-9450 নম্বৰৰ এখন 12 চকীয়া ট্ৰাকৰ পৰা অবৈধ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, ডিমাপুৰৰ পৰা নগাঁৱৰ বাইপাছলৈ ড্ৰাগছখিনি সৰবৰাহৰ উদ্দেশ্যে লৈ আহিছিল বুলি ট্ৰাকৰ চালক নজৰুল ইছলাম সদৰি কৰে ৷ 27 টাকৈ চাবোনৰ বাকচত লুকুৱাই অনা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 2.3 কোটি টকা ৷ সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰীৰ ভাষ্যৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে ৷