ETV Bharat / state

বোকাজানৰ 4বছৰীয়া প্ৰকৃতি বৰাৰ সাফল্যঃ ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত নাম সন্নিৱিষ্ট - বিদ্যাসাগৰ হাইস্কুল

ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত নাম সন্নিৱিষ্ট কৰিলে বোকাজানৰ 4 বছৰীয়া প্ৰকৃতি বৰাই ৷ মাত্ৰ ৫৭ ছেকেণ্ডত 'বন্দে মাতৰম' শীৰ্ষক গীতটি দুয়োটা চকু বান্ধি পিয়ান' বজাই এই গৌৰৱৰ অধিকাৰী হয় প্ৰকৃতি ৷

Success of Bokajan's 4 year old Prakriti
বোকাজানৰ 4বছৰীয়া প্ৰকৃতি বৰাৰ সাফল্যঃইণ্ডিয়া বুক অফ ৰেকৰ্ডচত নাম সন্নিৱিষ্ট
author img

By

Published : Jan 5, 2021, 12:55 PM IST

Updated : Jan 5, 2021, 1:04 PM IST

ডিফু,৫জানুৱাৰীঃপাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ এটি ৪ বছৰীয়া কণমানি শিশুৱে নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সক্ষম হ'ল ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত ৷ প্ৰকৃতি বৰা নামৰ কণমানি শিশুটিয়ে মাত্ৰ ৫৭ ছেকেণ্ডত 'বন্দে মাতৰম' শীৰ্ষক গীতটি দুয়োটা চকু বান্ধি পিয়ান' বজাই এই গৌৰৱৰ অধিকাৰী হয় ৷ ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডচৰ মুখ্য সম্পাদক বিশ্বৰূপ ৰয় চৌধুৰীৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ, মেডেল, কলম, কিতাপ আৰু পৰিচয়পত্ৰ লাভ কৰিছে কণমানি প্ৰকৃতিয়ে ৷

বোকাজানৰ 4বছৰীয়া প্ৰকৃতি বৰাৰ সাফল্য

বোকাজানৰ বিজন বৰা আৰু ৰিংকু ভৰালী বৰাৰ একমাত্ৰ কন্যা সন্তান প্ৰকৃতি বৰাই মাতৃৰ তত্বাৱধানত সৰুৰেপৰাই পিয়ান' বজোৱাৰ লগতে বিভিন্ন বিহু মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিও বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে । সৰুৰে পৰা অতি তীক্ষ্ণ বুদ্ধিৰ প্ৰকৃতি বৰা বৰ্তমান বোকাজানৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাসাগৰ হাইস্কুলৰ ছাত্ৰী । কণমানি ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বোকাজানবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

লগতে পঢ়কঃ 7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

Last Updated : Jan 5, 2021, 1:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.