ETV Bharat / state

বোকাজানত যাত্ৰীবাহী ৰে’ল ৰখোৱাক লৈ প্ৰতিবাদ - ডিমাপুৰৰ পৰিৱৰ্তে বোকাজানত যাত্ৰীবাহী ৰে’ল ৰখাক লৈ প্ৰতিবাদ

নাগালেণ্ডত লক ডাউন দিয়াৰ বাবে ডিমাপুৰৰ পৰিৱৰ্তে বোকাজানত সকলো যাত্ৰীবাহী ৰে’ল ৰখোৱাক লৈ আপত্তি ৰাইজৰ ৷ বোকাজান মহকুমাধিপতিক স্মাৰক পত্ৰ অৰ্পণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ ৷

ডিমাপুৰৰ ৰেল বোকাজানত ৰখোৱাক লৈ প্ৰতিক্ৰিয়া দল সংগঠনৰ

author img

By

Published : May 11, 2021, 9:18 PM IST

ডিফু,১১ মে': শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কৰ’ণাই জটিল ৰূপ ধাৰণ কৰাৰ ফলত কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে নাগালেণ্ড চৰকাৰে ইতিমধ্যে লক ডাউনৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷ নাগালেণ্ড চৰকাৰে লক ডাউনৰ সিদ্ধান্ত লোৱাৰ লগতে ৰাজ্যখনৰ ডিমাপুৰ ৰে’ল ষ্টেচনত ৰখাবলগীয়া সকলো ৰে'ল অসম তথা কাৰ্বি আংলং জিলাৰ বোকাজানত ৰখোৱাৰ নিৰ্দেশ প্ৰদান কৰে ।

ইফালে, ডিমাপুৰ ষ্টেচনত ৰখাবলগীয়া ৰে’লসমূহ বোকাজানত ৰখোৱাৰ এনে সিদ্ধান্তক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ, কৰ’ণাৰ অত্যধিক সংক্ৰমণৰ ঘটনাই জিলাখনত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । নাগালেণ্ডৰে গাতে লাগি থকা বোকাজান এলেকাত বিগত সময়ছোৱাত কৰ’ণাৰ দ্বিতীয় ঢৌত বুজনসংখ্যক লোক আক্ৰান্ত হৈছে ।

বোকাজানত ইতিমধ্যে কেইবাগৰাকী সাংবাদিককে ধৰি ভালেসংখ্যক লোক আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো লোকো মৃত্যুবৰণ কৰিবলগীয়া হৈছে । সমগ্ৰ এলেকাটোত কৰ’ণা আতংকই এক আতংকৰ পৰিৱেশ অব্যাহত ৰখাৰ সময়তে ডিমাপুৰ ষ্টেচনত ৰখাবলগীয়া ৰে’লসমূহ বোকাজানত ৰখোৱাৰ প্ৰসংগই বোকাজানবাসীক অধিক আতংকিত কৰি তুলিছে । এনে এক পৰিস্থিতিৰ প্ৰেক্ষাপটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতি আৰু সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা বোকাজানৰ মহকুমাধিপতিক এখনি স্মাৰকপত্ৰ প্ৰদান কৰি এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বোকাজান আঞ্চলিক সমিতিৰ সভাপতি বিবেক চন্দই বোকাজানৰ মহকুমাধিপতিগৰাকীক সাক্ষাৎ কৰি প্ৰদান কৰা স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি নাগালেণ্ডৰ একমাত্ৰ সংযোগী ৰে’ল ষ্টেচনটোৱেই হৈছে ডিমাপুৰ ষ্টেচন । ফলত ডিমাপুৰ ষ্টেচনৰ ৰ'বলগীয়া ৰে'লসমূহ ৰে’ল কর্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনে বোকাজানত ৰখোৱাৰ অনুমতি প্ৰদান কৰিলে বুজনসংখ্যক ৰে'লযাত্ৰী বোকাজানত উঠা-নমা কৰাটো নিশ্চিত হৈ পৰিব । কৰ’ণাৰ এই সময়ত অধিক সমাগমে বোকাজানৰ পৰিস্থিতি ভয়ানকভাৱে অৱনতি ঘটিব বুলি মন্তব্য কৰে দুয়োটা সংগঠনৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : ক'ভিড ৰোগীৰ বাবে সাজু নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.