ETV Bharat / state

ডিফুত পথ দুৰ্ঘটনাত জ্যেষ্ঠ সাংবাদিকৰ মৃত্যু

author img

By

Published : May 23, 2021, 9:05 PM IST

ডিলাইৰ ওচৰৰ ১৪ মাইলত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচে ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে ডিফুৰ সংবাদ জগতত ৷

sr-journalist-rajiv-mech-died-in-accident
পথ দুৰ্ঘটনাত মৃত্যু জ্যেষ্ঠ সাংবাদিকৰ: ডিফুত শোকৰ ছাঁ

ডিফু, ২৩ মে': সকলোকে কন্দুৱাই ইহ-সংসাৰৰ পৰা বিদায় মাগিলে ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচে ৷ দেওবাৰে নিশা ডিলাইৰ পৰা ছুইফট ডিজায়াৰ বাহনেৰে ডিফু অভিমুখে আহি থকা সময়ত ডিলাইৰ ওচৰৰ ১৪ মাইলত দুৰ্ঘটনাত পতিত হৈছিল সাংবাদিক গৰাকী ৷ দুৰ্ঘটনাটোত ৰাজীৱ মেচৰ লগতে নিৰ্মল থাপা নামৰ এজন সাংবাদিকো আহত হয় ৷

আহত দুয়োগৰাকী সাংবাদিকক নিশাই ডিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ পঠিওৱা হয় ৰাজীৱ মেচক ৷ কিন্তু ডিমাপুৰত মৃত্যুক আঁকোৱালি লয় সাংবাদিক গৰাকীয়ে ৷ মৃত্যুৰ সময়ত ৰাজীৱ মেচে পত্নীৰ লগতে দুটি সন্তান এৰি থৈ গৈছে ৷

ৰাজীৱ মেচৰ মৃত্যুত কাৰ্বি-আংলং জিলা প্ৰেছ ক্লাৱৰ সভাপতি, সম্পাদক ক্ৰমে- দিগনমত টেৰণ আৰু ডেনিয়েলচন বে'ই গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত সভাপতি- সম্পাদকে ৰাজীৱ মেচৰ অকাল বিয়োগত জিলা প্ৰেছ ক্লাৱৰ এক অপূৰণীয় ক্ষতি হোৱাৰ লগতে এগৰাকী ভাল সহযোগী হেৰুৱালে বুলি উল্লেখ কৰে ৷ জিলা প্ৰেছ ক্লাৱে ৰাজীৱ মেচৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে ৷

লগতে পঢ়ক: দেশত পূৰ্বতকৈ হ্ৰাস পাইছে কৰ'ণাত মৃ্ত্যু হোৱা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.