ETV Bharat / state

Four lane construction in Halflong : ঘাইপথ নিৰ্মাণত গাফিলতিৰ অভিযোগ ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ

author img

By

Published : Jul 23, 2023, 2:58 PM IST

২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে ৪৯ কিলোমিটাৰ চাৰিলেন ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণৰ গতি হৈছে মন্থৰ । সৰৱ ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰাম ।

Indigenous Students Forum
শিলচৰ সৌৰাষ্ট্র ইষ্ট ৱেষ্ট ক'ৰিড
শিলচৰ সৌৰাষ্ট্র ইষ্ট ৱেষ্ট ক'ৰিড নিৰ্মাণত গাফিলতিৰ অভিযোগ

হাফল,২৩ জুলাই: ঘাইপথ নিৰ্মাণত পুনৰ গাফিলতি । শিলচৰ সৌৰাষ্ট্র ইষ্ট ৱেষ্ট ক'ৰিডৰ তথা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে ৪৯ কিলোমিটাৰ চাৰিলেন ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণৰ কামৰ দায়িত্ব দিয়া হৈছে গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰওয়াল ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানী নামৰ নিৰ্মাণ সংস্থাটোক। কিন্তু এই কোম্পানীটোৰ বিৰুদ্ধে কামত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে।

উল্লেখযোগ্য যে যোৱা ৬ জুলাই ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে শিলচৰ সৌৰাষ্ট্র ইষ্ট ৱেষ্ট ক'ৰিডৰৰ কাম কৰাত যিসকল গাঁৱৰ লোকৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ মোকোলাই দিয়া আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ পথ মেৰামতি কৰাৰ দাবীত মাহুৰত পথ অৱৰোধ কৰি নিৰ্মাণ সংস্থাটোক তিনি দিনৰ ভিতৰতে ডিমা হাছাও এৰি যোৱাৰ সকীয়নি প্ৰদান কৰিছিল ।

ইয়াৰ পিচতে ৯ জুলাই হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ উপস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ নিৰ্মাণ সংস্থা আৰু ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ লগতে এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ পথ নিৰ্মাণ সংস্থাই অহা এমাহৰ ভিতৰত জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ পথ মেৰামতি আৰু ব্লেকটেপিং কৰা আৰু ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ বিভিন্ন দাবী তেওঁলোকে পূৰণ কৰাৰ আশ্বাস দিয়ে যদিও আজিলৈকে কোনো আগ্ৰগতি লাভ কৰা নাই । জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ পথ মেৰামতিৰ কাম আৰম্ভ কৰা নাই দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোয়ে গাফিলতি কৰাৰ অভিযোগ উঠিছে ।

শনিবাৰে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভম আৰু সাংবাদিকৰ এটা দল ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও অংশৰ পথ মেৰামতিৰ কামৰ অগ্ৰগতি সম্পৰ্কে জানিবলৈ উপস্থিত হোৱাত সংস্থাটোৱে পথ মেৰামতিৰ কামত গুৰুত্ব নিদিয়াটো স্পষ্ট হৈ পৰে । এইলৈ ডেভিড কেভমে ক্ষোভ ব্যক্ত কৰি কয় যে ইয়াৰ আগতে আৰু ছয়টা নিৰ্মাণ সংস্থাই এনেদৰে কাম নকৰি ইয়াৰ পৰা উধাও হৈছিল । এতিয়া দীনেশ চন্দ্ৰ আৰ আগৰওয়াল ইনফ্ৰা প্ৰাইভেট লিমিটেড হৈছে ৭ নম্বৰ নিৰ্মাণ সংস্থা ।

যোৱা ৯ জুলাইত জিলা আয়ুক্ত কাৰ্যালয়ত বৈঠকত যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তসমূহ কাৰ্যকৰী নকৰাৰ অভিযোগ উঠিছে । এই অঞ্চলসমূহত মাটি কটা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল জিলা আয়ুক্তৰ কাৰ্যালয়ত । কিন্তু নিৰ্মাণ সংস্থাই উক্ত সিদ্ধান্ত অমান্য কৰি এই অংশসমূহত মাটি কাটি থকা বুলি ক্ষোভ প্ৰকাশ কৰে ডেভিড কেভমে।

ইপিনে ,দীনেশ চন্দ্ৰ আৰ আগৰওয়াল নিৰ্মাণ সংস্থাই গাঁৱৰ লোকসকল আৰু ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে তেওঁলোকৰ কামত বাধাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । কিন্তু বৰমলকই গাঁৱৰ ওচৰতে পথ নিৰ্মাণ কামত নিয়োজিত দীনেশ চন্দ্ৰ আৰ আগৰওয়াল নিৰ্মাণ সংস্থাৰ এগৰাকী বিষয়াই কয় যে বৰমলকই অংশত পথ নিৰ্মাণৰ কামত কোনেও বাধাৰ সৃষ্টি কৰা নাই।

তাৰ পিচতো কেনেকৈ নিৰ্মাণ সংস্থাটোৱে কামত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিলে সেয়া লৈ ক্ষোভ প্ৰকাশ কৰে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভমে ।

লগতে পঢ়ক:Child abused by man: 5 বছৰীয়া শিশুক যৌন উৎপীড়ণ চলায় গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.