ETV Bharat / state

বোকাজানত মৰণাস্ত্ৰসহ আটক এজন

অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত বোকাজান মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱকজন মণিপুৰ ইম্ফলৰ কানচিপুৰৰ বাসিন্দা খুপচেই ছিংচনৰ পুত্ৰ লেনথাং ছিংচন(৩৯) বুলি চিনাক্ত কৰা হৈছে ৷

বোকাজানত মৰণাস্ত্ৰসহ আটক এজন
বোকাজানত মৰণাস্ত্ৰসহ আটক এজন
author img

By

Published : Mar 20, 2021, 10:26 AM IST

Updated : Mar 20, 2021, 2:24 PM IST

ডিফু, 20মাৰ্চ: অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত বোকাজান মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্মৰ সহযোগত আৰক্ষীৰ এটা দলে অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী লাহৰিজানত এক অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰে এজন যুৱকক । উল্লেখ্য যে, আটকাধীন যুৱকজন মণিপুৰ ইম্ফলৰ কানচিপুৰৰ বাসিন্দা খুপচেই ছিংচনৰ পুত্ৰ লেনথাং ছিংচন (৩৯) বুলি চিনাক্ত কৰা হৈছে ৷

বোকাজানত মৰণাস্ত্ৰসহ আটক এজন

আগন্তুক নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত পাহাৰীয়া জিলাখনত অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱক আটক হোৱা এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, অভিযানকাৰী দলটোৱে আটকাধীন যুৱক জনৰ পৰা এটা মেগজিন সহ পইন্ট ২২ এটা পিষ্টল আৰু ৩ টা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰেই প্ৰকাশ কৰা তথ্য অনুসৰি, আটকাধীন যুৱক জনক খটখটি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: পশ্চিম বিলাসীপাৰাত অন্তিমটো দিনত 6 গৰাকীকৈ পাৰ্থীৰ মনোনয়ন দাখিল

Last Updated : Mar 20, 2021, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.