ETV Bharat / state

নিচাযুক্ত ঔষধ সেৱন কৰাই নাবালিকাক যৌন নিৰ্যাতন

author img

By

Published : Jul 17, 2020, 4:51 PM IST

কেইদিনমান পূৰ্বে কাৰ্বি আংলঙৰ ডিফুত ই এন টিৰ এগৰাকী চিকিৎসকে মহিলাক যৌন নিৰ্যাতন চলোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ সদৰ চহৰখনত উন্মোচিত হ'ল আন এক যৌন নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা ।

sexual-harassment-of-a-minor-girl-at-diphu
নিচাযুক্ত ঔষধ সেৱন কৰাই নাবালিকাক যৌন নিৰ্যাতন

ডিফু, ১৭ জুলাই: জিলাখনৰ বাহিৰৰ পৰা এগৰাকী নাবালিকাক লিখা-পঢ়া শিকাই মানুহ গঢ়াৰ কথা দি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত কৰ্মৰত তাৰাছিং ৰংপি(৪২) নামৰ কৰ্মচাৰী গৰাকীয়ে যোৱাটো বছৰতে তেওঁৰ নিজ বাসগৃহ ডিফুলৈ আনিছিল ৷ কিন্তু নাবালিকা গৰাকীক পঢ়াৰ শিক্ষা দিয়াৰ পৰিৱৰ্তে চলাই গ'ল যৌন নিৰ্যাতন।

নাবালিকা গৰাকীৰ ওপৰত চলি থকা যৌন নিৰ্যাতনৰ কথা অৱগত হোৱাৰ পাছতে নাবালিকাৰ পিতৃয়ে ডিফু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।এজাহাৰত উল্লেখিত তথ্যৰ পৰা জনিব পৰা মতে,নাবালিকা গৰাকীক তাৰাছিং ৰংপি নামৰ ব্যক্তিজনে দীৰ্ঘ দিনৰ পৰাই যৌন নিৰ্যাতন চলাই আহিছিল ৷ নাবালিকা গৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই বিভিন্ন ধৰণে যৌন নিৰ্যাতন চলাইছিল তাৰাছিঙ ৰংপিয়ে ।

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ আৰু R/W POCSO (6) মতে ১৩১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি নিৰ্যাতনৰ বলি হোৱা নাবালিকা গৰাকীৰ ভাষ্য গ্ৰহণৰ পিছতে আৰক্ষীয়ে আটক কৰিছে তাৰাছিঙ ৰংপি নামৰ অভিযুক্তজনক ।

লগতে চাওকঃ ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৭ খন এডভান্স লেণ্ডিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.