ETV Bharat / state

Road Safety Week: কাৰ্বি আংলং জিলাত পথ সুৰক্ষা সপ্তাহ আৰম্ভ

author img

By

Published : Jan 11, 2023, 10:03 PM IST

ৰাজ্য়জুৰি পৰিবহন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পথ দুৰ্ঘটনা ৰোধ কৰা আৰু ৰাইজক সজাগ কৰাৰ বাবে বুধবাৰৰ পৰা আৰম্ভ কাৰ্বি আংলং জিলাতো আৰম্ভ কৰা হয় পথ সুৰক্ষা সপ্তাহ ৷ পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি বাহনৰ চালক-পৰিচালকসকলৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰো আয়োজন কৰা হৈছে ৷

Road Safety Week
কাৰ্বি আংলং জিলাত পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ডিফু, 11 জানুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো বুধবাৰৰ পৰা পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়(Road safety week in Karbi Anglong) ৷ কাৰ্বি আংলং জিলা পৰিবহন বিষয়াৰ উদ্যোগত আৰু জিলা পৰিবহন সন্থাসমূহৰ সহযোগত ডিফুৰ বেচৰকাৰী বাছ আস্থানত বুধবাৰে পুৱা পথ সুৰক্ষা সপ্তাহ উপলক্ষে অনুষ্ঠিত কৰা হয় এখন সভা ৷ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী(DC Madhumita Bhagawati) আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া(SP Sanjib Kumar Saikia) উপস্থিত থকা সভাখন আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷

জিলাখনত পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত ভাগৱতীয়ে কয়, ‘‘এই উপলক্ষে আমি মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ৷ কেৱল এই সপ্তাহটো আমি উদযাপন কৰিলেই নহ'ব ইয়াক বাস্তৱ ক্ষেত্ৰতো মানি চলিব লাগিব ৷ সকলো সষ্টম হোৱাটোহে আচল কথা ৷ আমি সংকল্পৱদ্ধ হ’ব লাগিব যাতে আগন্তুক বৰ্ষটোত আমাৰ জিলাখনত এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় ৷’’

আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ভাষণ প্ৰদান কৰি কয়, ‘‘ভাৰতত বিভিন্ন কাৰণতকৈ পথ দুৰ্ঘটনাত সৰ্বাধিক লোকৰ মৃত্যু ঘটে(Road accident in India) ৷ এই বিষয়টো সেয়ে চৰকাৰে প্ৰাধান্যতাৰে লৈ ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰিছে ৷’’ 2021 বৰ্ষত কাৰ্বি আংলং জিলাত 97 গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটাৰ বিপৰীতে 2022 বৰ্ষত এই সংখ্যা হ্ৰাস পাই 57 গৰাকী হোৱা বুলি উল্লেখ কৰি ইয়াক এক সফলতা বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে(Road accident rate in Karbi Anglong) ৷

আনহাতে, পথ দুৰ্ঘটনাৰ কাৰণে তিনিটা কাৰণক মুখ্য কাৰণ(Causes of Road Accident) বুলি অভিহিত কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কাৰণ তিনিটা ক্ৰমে,মদ খাই গাড়ী চলোৱা, তীব্ৰ গতিত বাহন চলোৱা, গাড়ী ভালকৈ চলাব নজনাৰ লগতে একেটা পথেৰে বিপৰীত দিশৰ পৰা গাড়ী অহাও দুৰ্ঘটনাৰ এটা অন্যতম কাৰণ বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এই কাৰণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত সকলোকে সংকল্পৱদ্ধ হবলৈ তেওঁ আহ্বান জনায় ৷

পথ সুৰক্ষাৰ ক্ষেত্ৰত পৰিবহন বিভাগে(Transport Department) তেওঁলোকৰ দায়িত্ব, আৰক্ষীয়ে আৰক্ষীৰ দায়িত্ব আৰু সাংবাদিকে সজাগতাৰ সৃষ্টিৰে নিজৰ দায়িত্ব পালন কৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে আশা ব্যক্ত কৰে ৷ জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে(Bikramaditya Gogoi) কয়, ‘‘ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ৷ সমগ্ৰ জিলাজুৰি এনে কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷’’

আনহাতে 17 জানুৱাৰীত মাঞ্জাৰ মহংদিজুৱাৰ পৰা কাছা খেল পথাৰলৈ প্ৰাইজমানি হাফ মাৰাথান প্ৰতিযোগিতাৰে পথ সুৰক্ষা সপ্তাহ 2023 ৰ সামৰণি পৰিব বুলি জিলা পৰিবহন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে , বুধবাৰৰ এই শুভাৰম্ভণি কীৰ্যসূচীৰ সৈতে জিলা পৰিবহন বিভাগে বাণিজ্যিক বাহন চালক আৰু পৰিচালকসকলৰ বাবে বিনামূলীয়া এক চকু পৰীক্ষা কাৰ্যসূচীও অনুষ্ঠিত কৰে ৷ জিলা পৰিবহন বিষয়াই জানিবলৈ দিয়ে যে, এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু ইয়াত অংশ গ্ৰহণ কৰা চালক-পৰিচালকসকল গুৰুতৰ ভাৱে আক্ৰান্ত হলে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও বিভাগে কৰিব ৷

লগতে পঢ়ক: Eviction in Pabho reserve forest: বেদখলমুক্ত হ’ল পাভ সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.