ডিফু,29 জানুৱাৰী: কাৰ্বিং আংলং জিলাৰ সদৰ চহৰ ডিফুত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোক ৷ লোকজন মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লামকা গাঁৱৰ ৰেভাৰেণ টি কামজাখা বুলি চিনাক্ত কৰা হৈছে ৷ ডিফুৰ ৰংচিংৰুমত আৰম্ভ হ'বলগীয়া অধিৱেশনত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে কামজাখাম আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা ৬-৩০ বজাত প্ৰাত:ভ্ৰমণলৈ ওলাই আহিছিল লামকা গাঁৱৰ ৰেভাৰেণ টি কামজাখা ৷ সেই সময়তে ডিফুৰ পৰা লংকাৰ জেংখালৈ গৈ থকা 'মেৰা ভাৰত মহান' নামৰ আল্টা বাছখনে খুন্দিয়াই লোকজনক ৷ মূৰৰ ওপৰেৰে বাছখন পাৰ হৈ যোৱাৰ ফলত থিতাতে নিহত হয় লোকজন ৷ স্থানীয় লোকৰ মন্তব্য অনুসৰি বাছখনে সম্পূৰ্ণ ভুল দিশেৰে আহি থকাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
অন্য এক খবৰৰ বাবে: মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25
ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে বাছখনৰ চালক আৰু হেণ্ডিমেনে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাছখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত ৷