ETV Bharat / state

গাঁঠিৰ ধন ভাঙি অৱসৰপ্ৰাপ্ত অধ্যক্ষই নিৰ্মান কৰিলে পদপথ

author img

By

Published : Aug 23, 2020, 9:05 PM IST

বকলীয়াঘাটত অৱসৰপ্ৰাপ্ত অধ্যক্ষই প্ৰায় ডেৰ লক্ষাধিক টকা খৰচ কৰি নামঘৰৰ চাৰিওফালে সাজি দিলে এটি পদপথ ৷

Retired principal construct the path his own expencess At Bakaliaghat
গাঁঠিৰ ধন ভাঙি অৱসৰ প্ৰাপ্ত অধ্যক্ষই নিৰ্মান কৰিলে পদপথ

ডিফু, ২৩ আগষ্টঃ এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ মহানুভৱতা । কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বৰ্তমান শঙ্কৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়াই গাঁঠিৰ ধন ভাঙি সাজি দিলে এটা পকী পদপথ । প্ৰায় ডেৰ লক্ষাধিক টকা খৰচ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নাম ঘৰৰ চাৰিওফালে ২৬৭ মিটাৰ দৈৰ্ঘৰ এটি পদপথ নিৰ্মাণ কৰি দিয়ে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ।

উল্লেখ্য যে, দেওবাৰে পুৱা ১০.০০ বজাত আনুষ্ঠানিকভাৱে পথটো মুকলি কৰে অধ্যক্ষগৰাকীয়ে । অধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, চাকৰি কালৰ পৰাই সমাজৰ বাবে নানা ধৰণৰ ৰাইজৰ সহায় হোৱা কাম কৰি আহিছে ৷ আৰু ভৱিষ্যতেও সমাজৰ বাবে ৰাইজৰ উপকাৰৰৰ বাবে আৰু অধিক সহায় সহযোগিতা আগবঢ়াই যাব ।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশী, আঞ্চলিক শাখাৰ সভাপতি দিপেন্দ্ৰ বৰবৰুৱা, সম্পাদক প্ৰভাত শইকীয়া, প্ৰাথমিক শাখা সমূহৰ সভাপতি, সম্পাদকসহ স্থানীয় বহু বাপ-আই-মাতৃসকল ।

লগতে পঢ়ক- সোমবাৰে মুকলি হ'ব গুৱাহাটীৰ ৰোপৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.