ডিফু, 7 নৱেম্বৰঃ কাৰ্বি আংলঙত সংবিধানৰ অনুচ্ছেদ 244(ক) ৰূপায়ণৰ বাবে তুলিৰাম ৰংহাঙে গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এখন নাটক ! এই মন্তব্য এইচ এচ ডি চিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙৰ ৷
বৃহস্পতিবাৰে ডিফুৰ কেএছএৰ মুখ্য কাৰ্যালয়ত এইছএছডিচি,কেএনচিএ,আৰু কেএছএৰ যৌথ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷ সংবাদমেল সম্বোধন কৰি এইচ এচ ডি চিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে মন্তব্য কৰে যে, বিগত 35 টা বছৰে সংবিধানৰ ষষ্ঠ অনুসূচীত থকা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ বাবে আন্দোলন কৰি আহিছে কাৰ্বি পাহাৰৰ জনসাধাৰণে ৷ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা বিজেপিয়ে দুই পাৰ্বত্য জিলাক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা দিয়াৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ পাচতেই ওলোটা খৰ মাৰিছে বিজেপিয়ে ৷ 5 নৱেম্বৰত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ২৩৫ সংখ্যক অধিবেশনত সংবিধানৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণক লৈ প্ৰস্তুাৱ গ্ৰহণ কৰা বিষয়টো হাস্যকৰ বুলি আখ্যা দিয়ে এইচ এচ ডি চিৰ নেতাগৰাকীয়ে ৷ স্বায়ত্ব ৰাজ্যলৈ চৰকাৰৰ কোনো নিৰ্দিষ্ট কাৰ্যসূচী নথকাৰ পাচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ NOC আদায় কৰিব বুলিও সংবাদমেলযোগে প্ৰশ্ন উত্থাপন কৰে লাইচান ইংলেঙে ৷
আনহাতে,পাৰ্বত্য জিলা দুখনত পঞ্চায়তীৰাজ জাপি দিব বিচাৰাটো কাৰ্যক কাৰ্বি পাহাৰৰ ৰাইজে কোনো ধৰণে মানি নলয় বুলিও মন্তব্য এচ ডি চিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ প্ৰাথমিক শিক্ষাত ষষ্ঠ অনুসূচীৰ অধিকাৰ থকাৰ পিছতো অসমৰ আৰ্হিত টেট অনুষ্ঠিত কৰা বিষয়টোও দুৰ্ভাগ্যজনক আখ্যা দিয়ে নেতাগৰাকীয়ে ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা খিলঞ্জীয়া লোকসকলৰ নাম অন্তৰ্ভুক্তি কৰাৰ লগতে গ্ৰেটাৰ নাগালিমৰ নামত যাতে কাৰ্বি আংলঙৰ ভৌগলিক সীমাৰ কোনো ক্ষয় ক্ষতি নহয়,সংবাদমেল যোগে দাবী জনায় এচ ডি চিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙ ৷
লগতে পঢ়কঃতিছ হাজাৰী সংঘট: সংবাদ মাধ্যমৰ বিৰুদ্ধে আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ