ETV Bharat / state

বোকাজান বিলাতী মাটি কাৰখানাত থলুৱাক বঞ্চনাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন দল-সংগঠনৰ

বোকাজান বিলাতী মাটি কাৰখানাৰ থলুৱা বঞ্চনাৰ চক্ৰান্তৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানাত বহিৰাজ্যৰ 9 যুৱক নিযুক্তি দিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠন দুটাই ৷

বোকাজান বিলাতী মাটি কাৰখানা
বোকাজান বিলাতী মাটি কাৰখানাত থলুৱাক বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন দল-সংগঠনৰ
author img

By

Published : Aug 24, 2020, 7:42 PM IST

ডিফু, ২৪ আগষ্টঃ সোমবাৰে বোকাজান বিলাতী মাটি কাৰখানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বিগত বহু যুগ ধৰি থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিয়েই বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠন দুটাই ৷

বোকাজান বিলাতী মাটি কাৰখানা
বোকাজান বিলাতী মাটি কাৰখানাত থলুৱাক বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন দল-সংগঠনৰ

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে কাৰাখানা কৰ্তৃপক্ষই ৯ জন বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়া চক্ৰান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বোকাজানৰ বহু দল সংগঠনে ৷ কিন্তু ষড়যন্ত্ৰমূলক ভাবে চিমেণ্ট কাৰখানা কৰ্তৃপক্ষই ৯ জন যুৱকক প্ৰশিক্ষণৰ নামত নিযুক্তি প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ তুলে সংগঠন কেইটাই । দিল্লীত অধিস্থিত মুখ্য পৰিচালন সঞ্চালকৰ আঙুলিৰ মূৰত উঠা বহা কৰা কাৰখানাৰ মহাপ্ৰবন্ধক আৰু মুখ্য পৰিচালন সঞ্চালকৰ নিৰ্দেশতেই বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে অভিযোগ তুলি সংগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, কাৰখানাৰ মহাপ্ৰবন্ধকে সংবাদিকক সেই ৯ জন যুৱকক প্ৰশিক্ষণৰ উদ্দেশ্যেহে কাৰখানাত যোগদান কৰিবলৈ দিয়া হৈছে বুলি জানিবলৈ দিয়ে । যাৰ বাবে সোমবৰে ডিফু ৰংথেয়াঙস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে'ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া কাৰ্যক কোনো পধ্যেই কেএছএ মানি নলয় ৷ প্ৰয়োজন হলে ইয়াৰ বাবে আন্দোলনৰ পন্থা ল'বলৈ বাধ্য হ'ব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.