ETV Bharat / state

বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 7:58 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই ৷ যোগান মন্ত্ৰীগৰাকীৰ চৰম ব্যৰ্থতাক একে মুখে ধিক্কাৰ সাধাৰণ ৰাইজৰ ৷ প্ৰতিবাদত নামিছে দল-সংগঠন ৷ বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে বকলীয়াঘাট আছুৰ প্ৰতিবাদ ৷

As_dip_01_ AASU PROTEST AGAINST PRICE HIKE_img_asc10035
বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ডিফু,৭ নৱেম্বৰ: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে জনসাধাৰন ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰ ৷ যোগান মন্ত্ৰী গৰাকীৰ চৰম ব্যৰ্থতাক একে মুখে ধিক্কাৰ দিছে সাধাৰণ ৰাইজে ৷ মহামাৰী ক'ৰণাৰ দীঘলীয়া ল'কডাউনে আৰ্থিক ভাৱে দুৰ্ৱল কৰিছে জনতাক, তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়েও কোঙা কৰি পেলাইছে ৰাজ্যবাসীক ৷

protest-against-the-price-hike-of-essential-goods

বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই ৷ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনে কৰিছে প্ৰতিবাদ ৷ তাৰ মাজতে শনিবাৰে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভালেসংখ্যক কৰ্মীয়ে বকলীয়াঘাট নগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ফটো আৰু শ্ল’গান সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.