ডিফু, ১০ অক্টোবৰ: সংসদত কৃষক বিধেয়কখন গৃহিত কৰাৰ পিছতেই কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে তীব্ৰ বিৰোধিতা কৰে যদিও কৃষক বিধেয়কখনৰ পূৰ্ণ সমৰ্থনত বিজেপিৰ কাৰ্বি আংলং জিলা সমিতিয়ে ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে ।
বিধেয়কখনৰ সমৰ্থন কৰি বিজেপিৰ জিলা সম্পাদক তথা এমএচি দৰছিং ৰংহাঙে কয় যে, বিৰোধীয়ে বিধেয়কখনক লৈ মিছাতে হৈ-চৈ কৰিছে ৷ বিধেয়কখন সম্পূৰ্ণ কৃষকৰ হিতৰ বাবে গৃহিত কৰা এখন বিধেয়ক ৷ বিৰোধীয়ে দৰিদ্ৰ কৃষক আৰু ৰাইজৰ মাজত উক্ত বিধেয়ক সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰি কৃষি ক্ষেত্ৰত আমোল পৰিৱৰ্তন আনিব পৰা আৰু কৃষিত ব্যক্তিগত বিনিয়োগৰ বাবে দ্ৰুত বিকাশ আৰু সংস্থাপন পাব পৰা কৃষকৰ বন্ধু স্বৰূপ কৃষক বিধেয়ক খনক উপহাস কৰিছে ৷
কৃষক বিধেয়কখনৰ জড়িয়তে কৃষকে এখন শক্তিশালী বজাৰ পাব। অন্নদাতা সকলক মধ্যস্থতাকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিব ৷
দৰচিং ৰংহাঙে বিধেয়ক খনৰ সন্দৰ্ভত কয় লগতে বিধেয়ক খনৰ সঁচা সুবিধাৰ কথা অন্ধকাৰত ৰাখি ৰাইজৰ মাজত বিভ্ৰান্তিমূলক আৰু কেতবোৰ মিছা কথা প্ৰচাৰ কৰি ফুৰিছে, সেয়ে কৃষক তথা ৰাইজে বিধেয়কখনৰ সত্যতা অনুধাৱন কৰি কৃষক সকলৰ সৰ্বাংগীন স্বাৰ্থৰ খাতিৰত সমৰ্থন জনাবলৈ আহ্বান জনায় ৷
নৰেন্দ্ৰমোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কৃষক সকলৰ বাবে ন্যুনতম সমৰ্থন মূল্যৰ বহু বিকল্প থাকিব বুলি কোৱাৰ লগতে মোদী চৰকাৰে ন্যুনতম সমৰ্থন মূল্য অহৰহ বৃদ্ধি কৰি আছে বুলিও মন্তব্য কৰে ৷
ইয়াৰোপৰি সংবাদমেলত বিজেপিৰ কৰ্মকৰ্তাসকলে কৃষক বিধেয়ক সংক্ৰান্তীয় একোখনকৈ গোহাৰি পত্ৰও সাংবাদিক সকলক বিতৰণ কৰে ৷ সংবাদমেলত জিলা বিজেপি উপসভাপতি তথা ইএম ৰাজু তিচ', সম্পাদক তথা এমএচি দৰচিং ৰংহাঙ, সম্পাদক সকল ক্ৰমে, ছাৰচিং ফাংচ', মধুৰাম লেকথে, দিলীপ ৰংহাঙ, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেং, আৰু প্ৰচাৰ সম্পাদক বিদ্যাচিং ৰংপি উপস্থিত থাকে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিৰুদ্ধে মুখ খুলিলে আমিনুল ইছলামে