ETV Bharat / state

Press Meet of JCCPA: জেচিচিপিএৰ সংবাদ মেল; বৃহৎ সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা

author img

By

Published : Jul 13, 2023, 1:14 PM IST

কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বৰজানত স্থাপন হ’ব লগা সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা কৰিছে ৰাজনৈতিক সংগঠন জইন্ট কঅৰ্ডিনেশ্বন কমিটি ফৰ প্ৰটেক অট’নমি নামৰ সংগঠনটোৱে ৷ বুধবাৰে ডিফু জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণ , সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে এই বৃহৎ প্ৰকল্পটোৰ বিৰোধিতা কৰে ৷

Press Meet of JCCPA in Diphu
সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা জেচিচিপিএৰ
ডিফুত জেচিচিপিএৰ সংবাদ মেল

ডিফু, 13 জুলাই : কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বৰজানত কৰা হ’ব দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ সৌৰশক্তি প্ৰকল্প ৷ চাৰি হেজাৰ কোটি টকৰে স্থাপন হ’ব এই সৌৰশক্তি প্ৰকল্প ৷ ইতিমধ্যে কাৰ্বি-আংলং স্বায়ত্ত্বশাসিত পৰিষদে এই বৃহৎ সৌৰশক্তি প্ৰকল্পটোৰ বাবে 18,000 বিঘা মাটি এ পি ডি চি এলক প্ৰদান কৰিছে ৷

প্ৰথম অৱস্থাত লাংকাইজান এলেকাত মাটি দিয়াৰ কথা আছিল যদিও বিভিন্ন সংগঠনৰ বিৰোধিতাৰ ফলত অসম-নাগালেণ্ড সীমান্তৰ বৰজানত এই প্ৰকল্পৰ বাবে দিয়া হৈছে মাটি ৷ কিন্ত এই 1000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব লগা সৌৰশক্তি প্ৰকল্পটোৰ বিৰোধিতা কৰিছে ৰাজনৈতিক সংগঠন জইন্ট কঅৰ্ডিনেশ্বন কমিটি ফৰ প্ৰটেক অট’নমি নামৰ সংগঠনটোৱে ৷ বুধবাৰে ডিফু জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণ , সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে এই বৃহৎ প্ৰকল্পটোৰ বিৰোধিতা কৰে ৷

লগতে পঢ়ক : KAAC eviction drive at lankaijan:কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান

নেতা দুগৰাকীয়ে কয় যে, সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প সমূহ মৰুভূমি এলেকা বা অব্যাহতি ভূমিত হ’ব লাগে ৷ কিন্তু বৰ্তমান পৰিষদে কৃষিভূমি এই প্ৰকল্পৰ বাবে দিছে ৷ এই এলেকাত থকা বনাঞ্চলে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আহিছে ৷ বনাঞ্চলৰ বাহঁ, কাঠ হ’ল স্থানীয় বাসিন্দাসকলৰ জীৱন আৰু জীৱিকা ৷ সেয়ে এই বৃহৎ প্ৰকল্পই স্থানীয় খাতি খোৱা জনতাক চৰকাৰে পেটে মৰাৰ ব্যৱস্থা কৰিছে বুলি কয় ৷

লগতে প্ৰকল্পটোৰ বাবে 1000 বা 2000 বিঘা মাটি দিলে সংগঠনটোৱে প্ৰতিবাদ নকৰিলেহেঁতেন বুলি কৈ কয় যে, এই বিষয়ত পৰিষদে নিজৰ স্থিতি ৰাজহুৱা কৰিব লাগে ৷ কাৰণ এ পি ডি চি এল অসম চৰকাৰৰহে অধীন ৷ সেয়ে এই প্ৰকল্পৰ পৰা কাৰ্বি-আংলঙৰ জনতাৰ কি লাভ হ’ব সেয়াও ক’ব লাগে বুলি কয় নেতা কেইগৰাকীয়ে ৷

লগতে পঢ়ক: Wild Elephant Attacks Car: চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণ; নিহত এক, আহত তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.