ETV Bharat / state

ডকমকা অপহৰণ কাণ্ডক লৈ ৰতন টেৰণৰ সংবাদমেল - ডকমকা অপহৰণ কাণ্ডক লৈ ৰতন টেৰণৰ সংবাদমেল

ডকমকাৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পৰা আৰক্ষীয়ে সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ অপহৰণকাৰীক আৰক্ষীয়ে আটক কৰা ঘটনাত বিজেপি আৰু ইএম ৰতন টেৰণৰ নাম সাঙুৰ খাইছিল ৷

ডকমকা অপহৰণ কাণ্ডক লৈ ৰতন টেৰণৰ সংবাদমেল
author img

By

Published : Sep 28, 2019, 6:03 PM IST

ডিফু, 28 ছেপ্টেম্বৰঃ ডকমকা অপহৰণ কাণ্ডৰ লগত ই এম ৰতন টেৰণৰ নাম সাঙোৰ খোৱাৰ পাচতে আজি প্ৰথমবাৰৰ বাবে সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণে ৷ উল্লেখ্য যে ডকমকাৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পৰা আৰক্ষীয়ে সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ অপহৰণকাৰীক আৰক্ষীয়ে আটক কৰা ঘটনাত বিজেপি আৰু ইএম ৰতন টেৰণৰ নাম সাঙোৰ খাইছিল ৷

ডকমকা অপহৰণ কাণ্ডক লৈ ৰতন টেৰণৰ সংবাদমেল

আজি কাৰ্যবাহী সদস্য গৰাকীৰ চৰকাৰী বাসভৱনত তেওঁ এক সংবাদমেল আয়োজন কৰি প্ৰথমে অপহৰণ কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু জিলা আৰক্ষী প্ৰশাসনে নিৰাপদে অপহৃত ব্যৱসায়ী গৰাকীক উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জনায় ৷ সমান্তৰালকৈ গ্ৰেপ্তাৰ হোৱা তিনি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈকো দাবী উত্থাপন কৰে টেৰণে ৷ ইয়াৰোপৰিও সমগ্ৰ ঘটনাক লৈ একাংশ বৈদ্যুতিন আৰু ছপা মাধ্যমত তেওঁৰ নাম আৰু ইয়াৰ মাজত বিজেপি দলক সাঙোৰি লোৱা কাৰ্যৰ বাবে তেওঁ মনোকষ্ট পাইছে বুলি মন্তব্য কৰে ৷ তেওঁ ইয়াকো কয় যে, হাওৰাঘাটত থকা অপহৰণকাৰী তপন টেৰণ তেওঁৰ ভাতৃ হয় যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে বহু পূৰ্বেই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে ৷ তদুপৰি তেওঁ কয় যে উক্ত ঘটনাত তেওঁৰ নাম সাঙোৰ খাই পৰাটো দুৰ্ভাগ্যজনক ৷ কিয়নো এগৰাকী বিজেপি নেতা-কৰ্মী আৰু ই এম হিচাপে তেওঁৰ কাৰ্যকালত আজিলৈকে কোনো কালিমা সানিব পৰা নাই,একনিষ্ঠ আৰু সততাৰে বিজেপি আৰু দলক সেৱা আগবঢ়াই গৈছে ৷ সেয়ে ই এম টেৰণে এটা অপৰাধ মূলক ঘটনাত তেওঁৰ নাম সাঙোৰি তেওঁৰ ৰাজহুৱা জীৱন বিতৰ্কৰ মাজত ঠেলি বাতৰি পৰিবেশন নকৰিবলৈ সংবাদমেল যোগে সাংবাদিক সকলক অনুৰোধ জনাইছে ৷

Intro:ডকমকাৰ অপহৰণ কাণ্ডৰ লগত ইএম ৰতন টেৰণৰ নাম সাঙুৰ খোৱাকলৈ সংবাদ মেল যোগে প্ৰতিক্ৰিয়া ৷
---------------------------------------- **অপহৰণকাৰী তপন টেৰণৰ সৈতে বহু পূৰ্বৰ পৰাই সম্পৰ্ক বিশ্ছিন্ন হৈছিল--- ইএম ৰতন টেৰণ ৷**

ডিফু, ২৮ ছেপ্তেম্বৰ:- ডকমকাৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক কাৰবি আংলং জিলাৰ হাওৰাঘাটৰ পৰা আৰক্ষীয়ে সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ অপহৰণ কাৰীক আৰক্ষীয়ে আটক কৰা ঘটনা বিজেপি আৰু ইএম ৰতন টেৰণৰ নাম সাঙুৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰবি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণে ৷ আজি কাৰ্যবাহী সদস্য গৰাকীৰ চৰকাৰী বাসভৱনত এক সংবাদ মেল আয়োজন কৰি কাৰ্যবাহী সদস্য ৰতন টেৰণে প্ৰথমতে অপহৰণ কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু জিলা আৰক্ষী প্ৰশাসনে নিৰাপদে অপহৃতা ব্যৱসায়ীক উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জনায় ৷ সমান্তৰালকৈ গ্ৰেপ্তাৰ হোৱা তিনি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈকো দাবী উত্থাপন কৰে ৷ আনহাতে কাৰ্যবাহী সদস্য গৰাকীয়ে সমগ্ৰ ঘটনাক লৈ একাংশ বৈদ্যুতিন আৰু ছপা মাধ্যমত তেওঁৰ নাম আৰু ইয়াৰ মাজত বিজেপি দলক সাঙুৰি লোৱা কাৰ্যত তেওঁ মনোকষ্ট পাইছে বুলি মন্তব্য কৰিছে ৷ তেওঁ ইয়াকো কয়যে, হাওৰাঘাটত থকা অপহৰণকাৰী তপন টেৰণ তেওঁৰ ভাতৃ হয় যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে বহু পূৰ্বেই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে ৷ উক্ত ঘটনাৰ বাবে ইএম ৰতন টেৰণৰ নাম সাঙুৰ খাই পৰাটো দূৰ্ভাগ্যজনক ৷ এগৰাকী বিজেপি নেতা- কৰ্মী আৰু ইএম হিচাপে তেওঁৰ কাৰ্যকালত আজিলৈকে কোনো কালিমা সানিব পৰা নাই, একনিষ্ঠ আৰু সততাৰে বিজেপি আৰু দলক সেৱা আগবঢ়াই গৈছে ৷ সেয়ে এটা অপৰাধ মূলক ঘটনাত তেওঁৰ নাম সাঙুৰি তেওঁৰ ৰাজহুৱা জীৱন বিতৰ্কৰ মাজত ঠেলি বাতৰি পৰিবেশন নকৰিবলৈ ইএম ৰতন টেৰণে সংবাদ মেল যোগে সাংবাদিক সকলৰ প্ৰতি অনুৰোধ জনাইছে

ছাইদুল ইছলাম, ডিফু ৷Body:******-Conclusion:*****--
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.