ETV Bharat / state

KAAC ৰ নিৰ্বাচন উপলক্ষে জিলা উপায়ুক্তৰ সংবাদমেল - Karbi Anglong Autonomous Council

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ জিলা উপায়ুক্তই আয়োজন কৰে এখন সংবাদমেল (Press meet by Karbi Anglong DC regarding KAAC election) ৷ নিৰ্বাচনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত চাৰে চাৰিলাখ টকা ব্যয় কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ বিষয়ে সংবাদমেলত উপায়ুক্ত গৰাকীয়ে অৱগত কৰে ৷

press-meet-by-karbi-anglong-dc-regarding-kaac-election
KAAC ৰ নিৰ্বাচন উপলক্ষে জিলা উপায়ুক্তৰ সংবাদমেল
author img

By

Published : May 13, 2022, 10:07 PM IST

ডিফু, 13 মে’: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) নিৰ্বাচন উপলক্ষে জিলা উপায়ুক্তই আয়োজন কৰিলে এখন সংবাদমেল (Press meet by Karbi Anglong DC ) ৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে (Assam Election Commission Announces KAAC Poll Dates) ৷

এই সংবাদমেলত ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে সংবাদমেলত সদৰি কৰা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে 12 মে'ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 23 মে’ৰ দিনা 11 বজাৰ পৰা 3 বজালৈ, মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন 24 মে’, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 24 মে’ আৰু বৈধ মনোনয়ন পত্ৰ প্ৰকাশৰ অন্তিম তাৰিখ 24 মে' বুলি উপায়ুক্তগৰাকীয়ে জনায় ৷

ভোট গ্ৰহণৰ দিন 10 জুন আৰু ভোট গণনাৰ দিন 12 জুনত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে কাৰ্বি আংলং জিলাত তৎক্ষণাত প্ৰযোজ্য হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

KAAC ৰ নিৰ্বাচন উপলক্ষে জিলা উপায়ুক্তৰ সংবাদমেল

আনহাতে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত মুঠ 10 খন পৰিষদীয় সমষ্টিৰ বাবে কৰ্তৃত্বশীল বিষয়া নিয়োগ কৰা হৈছে বুলি কয় উপায়ুক্তগৰাকীয়ে ৷ এই বিষয়া সকলৰ সমষ্টি ক্ৰমে, 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত ৰাজেশন টেৰণক উপায়ুক্ত কাৰ্যালয়ৰ 20 নম্বৰত কোঠাত নিয়োগ কৰাৰ লগতে 11 নং লাংফেৰৰ বাবে অতিৰিক্ত উপায়ুক্ত ছৈফুদুল্লাখান 21 নং কোঠা, 12 নং ফুলনিৰ বাবে হাওৰাঘাটৰ খণ্ড উন্নয়ণ বিষয়া জিদিলি থাউছেন 4 নং কোঠা ৷

তদুপৰি 13 নং লাংহিঙৰ বাবে অতিৰিক্ত উপায়ুক্ত ধিৰাজ কুমাৰ জৈন 12 কোঠা , 14 নং কৰকাণ্ঠিৰ বাবে অতিৰিক্ত উপায়ুক্ত নূপুৰ বৰা 16 নম্বৰ কোঠা, 15 নং মহামায়া সমষ্টিৰ বাবে কলুন্টলি জিমি 18 নং কোঠা বুলি উপায়ুক্তগৰাকীয়ে জনায় ৷

লগতে 18 নং লুম্বাজঙৰ বাবে শশীকান্ত তিমুঙ 1 নম্বৰ কোঠা, 19 নং ধনশিৰিৰ বাবে লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জুৱেল তিমুঙ 6 নম্বৰ কোঠা আৰু 20 নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে জলসিঞ্চন বিভাগৰ অতিৰিক্ত অভিযন্তা ওংকাৰ বে'ক 15 নম্বৰ কোঠাত প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন পত্ৰসমূহ গ্ৰহণ কৰিবলৈ নিয়োগ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে ৷

ইয়াৰোপৰি, ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীক চাৰে চাৰিলাখ টকা নিৰ্বাচনত ব্যয় কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ বিষয়ে উপায়ুক্ত গৰাকীয়ে অৱগত কৰে ৷ তাৰ লগতে জিলাখনৰ স্পৰ্শ কাতৰ আৰু অতি স্পৰ্শকাতৰ নিৰ্বাচন কেন্দ্ৰসমূহ শীঘ্ৰে পৰ্যৱেক্ষণ কৰি জনোৱা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ৷

উল্লেখ্য যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 26 টা পৰিষদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব পৰিষদীয় নিৰ্বাচন ৷ আজিৰ সংবাদ মেলত ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত 10 খন পৰিষদীয় সমষ্টিৰ সবিশেষ সংবাদমেলত দাঙি ধৰে ৷

লগতে পঢ়ক: ৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.