ETV Bharat / state

ন কইনাৰ ৰূপত সাজু তাৰালাংছৰ বাকৰি - ন কইনাৰ ৰূপত সাজু তাৰালাংছৰ বাকৰি

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অয়োজন কৰা হৈছে ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ | ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ বাকৰিত আয়োজন কৰা হৈছে এই মহোৎসৱ ৷

সাজু তাৰালাংছৰ বাকৰি
সাজু তাৰালাংছৰ বাকৰি
author img

By

Published : Feb 12, 2020, 4:54 PM IST

ডিফু, 12 ফেব্ৰুৱাৰীঃ ন কইনাৰ ৰূপত সাজু তাৰালাংছৰ বাকৰি ৷ সমাগত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতি কাৰ্বি সকলৰ যুৱ মহোৎসৱ ৷ প্ৰতি বছৰৰ দৰে এই বছৰো অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অয়োজন কৰা হৈছে ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ | সেই হেতুকে এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে কাৰ্বি লোকসকলৰ মাজত ৷ প্ৰস্ততি চলোৱা হৈছে ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্প |

ন কইনাৰ ৰূপত সাজু তাৰালাংছৰ বাকৰি

সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজতে মন পৰশা উতলা ফাগুণৰ সেমেকা বতাহত তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ'ব কাৰ্বি পৰম্পৰাগত লোক-কৃষ্টিৰ অমিয়া সুবাস ৷ তাৰালাংছৰ বৃহৎ বাকৰিত শিল্পীগ্ৰাম,বিভাগীয় প্ৰদৰ্শনীস্থলী,বজাৰ গৃহ,ক্ৰীড়াংগণ, জনগোষ্ঠীয় আৱাস গৃহ,জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে মঞ্চসমূহ ইতিমধ্যে আলোকসজ্জা আৰু ৰং তুলিকাৰে ৰঙীণ কৰি তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা এই যুৱ মহোৎসৱ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি যুৱ মহোৎসৱ ৷ এইবাৰ মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে থাকিব কাৰ্বি মহিলাৰ কাণত পিন্ধা কাৰ্বি অলংকাৰ নথেংপিৰ আৰ্হিৰে নিৰ্মিত এক স্থায়ী প্ৰাসাদ ৷ ইয়াৰোপৰি অসমৰ ভিন্ন প্ৰান্তৰ ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণে ৰসাল কৰি তুলিব তাৰালাংচৰ বাকৰি ৷

লগতে চাওকঃ পদ পথত অধ্যয়ন কৰিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি এগৰাকী ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.