ETV Bharat / state

পৰিভ্ৰমী ফেলকন পক্ষীৰ আগমনক লৈ কাৰ্বি-আংলঙত পালন কৰা হ’ব উৎসৱ - ফেলকন পক্ষী

পৰিভ্ৰমী পক্ষী আমুৰ ফেলকনে পক্ষী প্ৰেমী সকলৰ মাজত কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷ পশ্চিম কাৰ্বি আংলঙৰ মুছলদেঙত আমুৰ ফেলকন মহোৎসৱৰ প্ৰস্তুতি কেএছএ আৰু ফ'ৰ ছিজন ফাউণ্ডেছনৰ ৷

preparation of amur felcon festival
পৰিভ্ৰমী ফেলকন পক্ষীৰ আগমনক লৈ কাৰ্বি-আংলঙত পালন কৰা হ’ব উৎসৱ
author img

By

Published : Oct 30, 2021, 10:30 PM IST

৩০ অক্টোবৰ, ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলঙত পৰিভ্ৰমী পক্ষী আমুৰ ফেলকনে পক্ষী প্ৰেমী সকলৰ মাজত কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷ শীতৰ আগমণৰ লগে লগে অসমৰ পাহাৰীয়া জিলাকেইখনলৈ সুদুৰ ছাইবেৰিয়াৰ পৰা আগমণ ঘটিছে জাক জাক ফেলকন পক্ষীৰ । উল্লেখযোগ্য যে, বিগত শীতৰ আগমণৰ লগে লগে সাত সাগৰ তেৰ নদী পাৰ হৈ পাহাৰীয়া জিলাকেইখনত মাত্র কেইদিনমানৰ বাবে জিৰণি ল’বলৈ অহা ফেলকন পক্ষীৰ আগমণৰ ঘটনা প্রকৃতিপ্রেমীসকলৰ বাবে অন্যতম আকর্ষণৰ কেন্দ্র হৈ পৰা পৰিলক্ষিত হৈ আহিছে ।

preparation of amur felcon festival
পৰিভ্ৰমী ফেলকন পক্ষী

প্রকৃতিৰ এক অনবদ্য সংযােগ হিচাপে পৰিগণিত হােৱা এই প্রাকৃতিক পৰিঘটনাক কেন্দ্র কৰিয়েই ডিমা হাচাও আৰু পশ্চিম কার্বি আংলং জিলাত পর্যটনৰ সম্ভাৱনাই ক্রমাৎ গা কৰি উঠা দেখিবলৈ পােৱা গৈছে । যােৱা কেইটামান বছৰ ধৰি ডিমা হাচাও জিলাত পালন কৰি অহা ফেলকন পক্ষী মহােৎসৱক কেন্দ্র কৰি পাহাৰীয়া জিলাখনৰ পর্যটন ক্ষেত্রখনক লৈ প্রত্যাশাৰ সৃষ্টি হােৱাৰ পিছতে পৰিভ্ৰমী ফেলকন পক্ষীৰ অন্যতম বিচৰণস্থলী হিচাপে পৰিগণিত হৈ অহা পশ্চিম কার্বি আংলং জিলাৰ চিন্থঙতাে বিগত কেইবা বছৰ ধৰি ফেলকন পক্ষী মহােৎসৱ অনুষ্ঠিত কৰি অহা হৈছে ।

পৰিভ্ৰমী ফেলকন পক্ষীৰ আগমনক লৈ কাৰ্বি-আংলঙত পালন কৰা হ’ব উৎসৱ

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাতে লাগি থকা পাহাৰীয়া জিলাখনৰ প্রকৃতিক পৰিৱেশ পৰিভ্রমী পক্ষীবিধৰ বাবে অনুকূল হােৱাৰ পৰিপ্রক্ষিততে চিন্থঙৰ অৰণ্যাঞ্চলত এইদৰে পৰিভ্রমী পক্ষীবিধে ভীৰ কৰা বুলি অনুমান কৰা হৈ আহিছে ।

বিগত বর্ষসমূহৰ দৰে এইবাৰাে কার্বি ছাত্র সন্থা আৰু ফ'ৰ ছিজনছ ফাউণ্ডেশ্যন শীর্ষক বে-চৰকাৰী সংস্থাটোৰ উদ্যোগত অহা ৯, ১০ আৰু ১১ নৱেম্বৰত পশ্চিম কার্বি আংলং জিলাৰ চিন্থঙৰ মুছলদেং নামৰ ঠাইত ফেলকন পক্ষী মহােৎসৱৰ আয়ােজন কৰা হৈছে। শুকুৰবাৰে ডিফুত এক সংবাদমেলৰ আয়ােজন কৰি এই বিষয়ে সংবাদমাধ্যমক অৱগত কৰে কার্বি ছাত্র সন্থাৰ সভাপতি থানছিং তিমুং আৰু ফ'ৰ ছিজন ফাউণ্ডেশ্যনৰ সভাপতি ধীৰাজ ডিফুছাই ।

মূলতঃ পশ্চিম কার্বি আংলং জিলাত পর্যটন ক্ষেত্রখনৰ বিকাশৰ বাবে পর্যটকক আকর্ষণৰ লগতে, বিলুপ্তপ্রায় ফেলকন পক্ষীৰ নিৰাপত্তাৰ প্রতি সজাগতাৰ সৃষ্টি কৰা, প্রকৃতি সুৰক্ষাৰ প্রতি সজাগতাৰ সৃষ্টি কৰা, শান্তি আৰু ভাতৃত্ববােধৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই সমাৰোহৰ আয়ােজন কৰা হৈছে। তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই মহােৎসৱৰ লগতে ট্রেকিং, পাৰা গ্লাইডিং,চিত্রাংকণ আদি অনুষ্ঠানৰো আয়ােজন কৰা হ’ব বুলি আয়ােজকসকলে জানিবলৈ দিছে ৷

লগতে পঢ়ক : পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.